ETV Bharat / state

Gohpur Tea Factory Tragedy:ডফলাগড় চাহ বাগিচাৰ মৃত শ্ৰমিক সুখমন মুণ্ডাৰ ঘৰত উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ

author img

By

Published : Jul 21, 2023, 10:24 PM IST

শুকুৰবাৰে ডফলাগড় চাহ বাগিচাত উপস্থিত হ’ল শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ৷ মৃত শ্ৰমিক সুখমন মুণ্ডাৰ বাসগৃহত উপস্থিত মন্ত্ৰী কিষাণ ৷ দুৰ্ভগীয়া পৰিয়ালটোক 2 লাখ টকা আৰ্থিক সাহাৰ্য প্ৰদান মন্ত্ৰীগৰাকীয়ে ৷

Gohpur Tea Factory Tragedy
ডফলাগড় চাহ বাগিচাত উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ

:ডফলাগড় চাহ বাগিচাত উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ

গহপুৰ,21 জুলাই: শুকুৰবাৰে ডফলাগড় চাহ বাগিচাত উপস্থিত হ’ল শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ৷ যোৱা ১০ জুলাইত ডফলাগড় চাহ বাগিচাৰ ফেক্টৰীৰ ড্ৰায়াৰৰ পাংখাত সোমাই সুখমন মুণ্ডা নামৰ শ্ৰমিকজন নিহত হৈছিল ৷ নিহত সুখমন মুণ্ডাৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষাণ ৷ দুৰ্ভগীয়া পৰিয়ালটোক ২ লাখ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে নিহত সুখমন মুণ্ডাৰ পৰিয়ালৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী সঞ্জয় কিষাণে ৷

মন্ত্ৰীগৰাকীয়ে বাগিচাখনত উপস্থিত হৈ বাগিচাৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা লগতে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা দুই লাখ টকা চেক প্ৰদান কৰে মন্ত্ৰী সঞ্জয় কিষাণে । তাৰোপৰি পৰিয়ালটোক বাগিচাৰ কোম্পানীয়ে ৮ লাখ ৪২ হাজাৰ টকা সাহাৰ্য প্ৰদান কৰে ৷ আনহাতে বাগিচাখনৰ কল ঘৰত দক্ষতা সম্পন্ন শ্ৰমিকক কামত নিয়োগ কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। অনাগত দিনত যাতে আৰু এনে মৰ্মান্তি ঘটনা নহয় তাৰ প্ৰতি সচেতন আৰু CCTVৰ ব্যৱস্থাৰ কৰিবলৈ আহ্বান জনাই বাগিচাৰ কৰ্তৃপক্ষক ৷

আনহাতে হৃদয়বিদাৰক ঘটনাৰ পাচতেই বাগিচাখনত উপস্থিত হৈছিল অসম চৰকাৰৰ উপ-শ্ৰম আয়ুক্ত তথা মুখ্য বাগিচা পৰিদৰ্শক কণপাই দাস আৰু শোণিতপুৰ জিলাৰ বাগিচাসমূহৰ স্বাস্থ্য পৰিদৰ্শক ডাঃ প্ৰদীপ লহকৰৰ নেতৃত্বত এটি দল । সেইসময়ত দুৰ্ঘটনা সন্দৰ্ভত শ্ৰম আয়ুক্ত কণপাই দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল 'কি কাৰণত সুখমন মুণ্ডাৰ মৃত্যু হ'ল তাৰ ওপৰত এক চৰকাৰী তদন্ত কৰা হ'ব। তদন্তত যদি কাৰোবাৰ গাফিলতি ধৰা পৰে তেন্তে তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব।"

লগতে পঢ়ক:Gohpur Tea Factory Tragedy: সুখমন মুণ্ডাৰ বাসগৃহত উপ শ্ৰম আয়ুক্ত আৰু স্বাস্থ্য পৰিদৰ্শকৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.