বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰীক যৌন উৎপীড়ন চলোৱাক লৈ উত্তাল মৰাণ

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 4:58 PM IST

thumbnail

মৰাণ, ১৫ ডিচেম্বৰ : মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰীক যৌন উৎপীড়ন চলোৱাক লৈ উত্তাল প্ৰতিবাদত কঁপিল মৰাণ নগৰ । যোৱা বুধবাৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যই এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই ৰাইজ ওলাই আহে ৰাজপথলৈ ।  

মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিচতে মৰাণহাট আৰক্ষীয়ে POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যক । কিন্তু আইনৰ সুৰুঙা লৈ আঠ ঘণ্টা নৌহওতেই জামিন পাবলৈ সক্ষম হ'ল অভিযুক্ত অধ্যক্ষগৰাকী ।  

এই কাৰ্যত খঙত অগ্নিশৰ্মা হৈ প্ৰতিবাদমুখৰ হৈ পৰে গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা নাৰী পৰিষদ আৰু স্থানীয় জনগোষ্ঠীয় সংগঠন । পিচত ঘটনাস্থলীত আৰক্ষীৰ দল, চক্ৰ বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । প্ৰতিবাদকাৰীসকলে ছাত্ৰীক যৌন উৎপীড়ন চলোৱা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যক অপসাৰণৰ দাবী জনাইছে ।

লগতে পঢ়ক :শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই কেঁচিৰে ডিঙিত খুচি হত্যা প্ৰেমিকাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.