ETV Bharat / bharat

শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই কেঁচিৰে ডিঙিত খুচি হত্যা প্ৰেমিকাক

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 7:09 AM IST

Updated : Dec 14, 2023, 7:19 AM IST

Boy Killed Girl For Sex In Indore
কেঁচিৰে ডিঙিত খুচি হত্যা প্ৰেমিকাক

লিভ-ইন-ৰিলেশ্বনশ্বিপৰ ভয়ংকৰ পৰিণতি ৷ প্ৰেমিকাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ নিদিয়াৰ বাবে কেঁচিৰে ডিঙিত খুচি হত্যা কৰিলে প্ৰেমিকে ৷ সম্প্ৰতি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে হত্যাৰ অভিযুক্ত প্ৰেমিক ৷

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ : প্ৰেম কৰোঁতে সাৱধান হওক ৷ প্ৰেমে কাল মাতিব পাৰে আপোনাৰ জীৱনলৈ ৷ মধ্য প্ৰদেশৰ ইন্দোৰত প্ৰেমিকৰ হাতত প্ৰাণ হেৰুৱালে প্ৰেমিকাই ৷ লিভ-ইন সংগীয়ে কেঁচিৰে ডিঙিত খুচি কৰিলে প্ৰেমিকাক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 9 ডিচেম্বৰত ইন্দোৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ তাৰ পিচতে যুৱতীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীৰ অনুসন্ধানত ওলাল ভয়ংকৰ তথ্য ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, যুৱতীগৰাকীক তেওঁৰ প্ৰেমিক তথা লিভ-ইন সংগীয়ে কেঁচিৰে ডিঙিত খুচি হত্যা কৰিছিল ৷ এই হত্যাৰ আঁৰৰ মূল কাৰণ আছিল শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি হৈছিল প্ৰেমিকা ৷

এই সমগ্ৰ ঘটনাটো ইন্দোৰৰ ৰাওজী বজাৰ আৰক্ষী থানা অঞ্চলৰ ৷ প্ৰবীণ ঢাকাদ নামৰ যুৱকজনৰ লগত ইনষ্টাগ্ৰামযোগে চিনাকি হৈছিল যুৱতীগৰাকীৰ ৷ তাৰ পিচত দুয়োৰে সম্পৰ্ক প্ৰেমলৈ পৰিৱৰ্তিত হ’ল ৷ বিগত এমাহৰ পূৰ্বে দুয়ো একেলগে থকাৰ থিৰাং কৰিলে ৷ কথামতেই দুয়ো একেলগে এটা ভাৰাঘৰ ল’লে ৷ ঘৰৰ স্বত্বাধিকাৰীক দুয়োয়ে অচিৰেই বিয়াত বহিব বুলি কৈছিল ৷

ঘটনাটোৰ দিনা, যুৱকজনে সুৰাপান কৰিছিল। সুৰাপান কৰাৰ পিচত যুৱকজনে যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ জোৰ জবৰদস্তি কৰিছিল ৷ কিন্তু যুৱতীগৰাকীয়ে শাৰীৰিক সম্পৰ্ক কৰিবলৈ অমান্তি হোৱাত খঙত অগ্নিশৰ্মা হৈ যুৱকজনে ওচৰতে থকা এখন কেঁচিৰে যুৱতীগৰাকীক ডিঙিত খুচি হত্যা কৰে। ঘটনা সংঘটিত কৰি যুৱকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ এই জঘন্য ঘটনাৰ বিৱৰণ খোদ যুৱকজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বুলি অতিৰিক্ত ডিচিপি অভিনৱ বিশ্বকৰ্মাই জানিবলৈ দিয়ে ৷

অতিৰিক্ত ডিচিপিগৰাকীয়ে লগতে কয় যে, যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিচতে আৰক্ষীৰ প্ৰেমিকৰ ওপৰত সন্দেহ উপজিছিল ৷ তাৰ পিচতেই ৰাওজী বজাৰৰ সমীপত স্থাপন কৰা চিচিটিভি কেমেৰাৰ সহায়ত প্ৰেমিক প্ৰবীণক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছিল ৷ গুনাৰ বাসিন্দা প্ৰবীণ ঢাকাদ ৷

ইফালে একে সময়তে, যুৱতীগৰাকীৰ পৰিয়ালটোৱে মৃতদেহটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ফলত উপায়ন্তৰ হৈ আৰক্ষীয়ে পৌৰ নিগমৰ এটা দলৰ সৈতে লগ লাগি যুৱতীগৰাকীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে ৷

লগতে পঢ়ক: ছত্তীশগড়ত নক্সালবাদীৰ আইইডি বিস্ফোৰণত শ্বহীদ চিএফ জোৱান

Last Updated :Dec 14, 2023, 7:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.