ETV Bharat / bharat

ছত্তীশগড়ত নক্সালবাদীৰ আইইডি বিস্ফোৰণত শ্বহীদ চিএফ জোৱান

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 4:41 PM IST

Soldier martyred in Naxalites IED blast
ছত্তীশগড়ত নক্সালবাদীৰ আইইডি বিস্ফোৰণত শ্বহীদ চিএফ জোৱান

বুধবাৰে ছত্তীশগড়ত নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে নাৰায়ণপুৰত সংঘটিত হয় নক্সালবাদীৰ আক্ৰমণৰ ঘটনা । এই ঘটনাত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন এজন আহত হয় । জানিব পৰা মতে, তালাচী অভিযানৰ সময়ত নক্সালবাদীয়ে সোনা জোৱানৰ দলটোৰ ওপৰত আক্ৰমণ কৰে ।

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : ছত্তীশগড়ৰ নাৰায়ণপুৰত আইইডি বিস্ফোৰণত এজন সেনা জোৱান নিহত হয় । আনহাতে, এই ঘটনাত আন এজন জোৱান আহত হয় । শ্বহীদ জোৱানজনক চিএএফৰ নাম কমলেশ চাহু বুলি চিনাক্ত কৰা হৈছে । তেওঁ জাঞ্জগিৰ চম্পাৰ হাচাউদ গাঁৱৰ বাসিন্দা আছিল । আনহাতে, আহত জোৱানজনক বালোদ জিলাৰ চোনপুৰৰ বাসিন্দা বিনয় কুমাৰ বুলি চিনাক্ত কৰা হৈছে । এছ পি পুষ্কৰ শৰ্মাই ঘটনাটোৰ সত্যাসত্য নিশ্চিত কৰিছে ।

আনহাতে, এএছপি হেমসাগৰ চিদাৰে কয় যে জোৱানসকলে ছোটেডোংগাৰৰ আমদাই খনিত নিৰাপত্তা প্ৰদান কৰিবলৈ গৈছিল । সেই সময়তে পুৱা ১১ বজাত নক্সালবাদীয়ে নিৰাপত্তাৰক্ষীৰ দলটোৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে । তাৰ মাজতে আইইডি বিস্ফোৰণো ঘটে । এই ঘটনাতে চিএএফ জোৱান কমলেশ চাহু শ্বহীদ হোৱাৰ বিপৰীতে আন এজন জোৱান বিনয় কুমাৰ আহত হয় ।

উল্লেখ্য যে নক্সালবাদীয়ে আমদাই খনিত খননৰ নিৰন্তৰ বিৰোধিতা কৰি আহিছে । তাৰেই পৰিপ্ৰেক্ষিতত ছোটেডোংগাৰ আমদাই খনিৰ নিৰাপত্তাৰ বাবে জোৱানসকলক নিয়োজিত কৰা হৈছিল । কিন্তু নক্সালবাদীয়ে তেওঁলোকক লক্ষ্য কৰি লয় । ইফালে মাওবাদীয়ে খনিৰ বিভিন্ন স্থানত আইইডি স্থাপন কৰা বুলিও সতৰ্কবাণী দিছিল । কেইদিনমান পূৰ্বে আমদাই খনিত কৰ্মৰত তিনিজন শ্ৰমিক এই আইইডি বিস্ফোৰণত নিহত হৈছিল ।

ছত্তীশগড়ত নক্সালবাদীৰ উপদ্ৰৱ এতিয়াও অব্যাহত আছে । ১২ ডিচেম্বৰত ছত্তীশগড়ৰ সুকমা জিলাত মাওবাদীয়ে স্থাপন কৰা প্ৰেচাৰ ইম্প্ৰুভাইজড এক্সপ্ল'ছিভ ডিভাইচৰ (আইইডি) বিস্ফোৰণত এজন জিলা ৰিজাৰ্ভ গাৰ্ড (ডিআৰজি) জোৱান আহত হয় । কিষ্টাৰাম আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চালেটং গাঁৱৰ ওচৰত এই বিস্ফোৰণটো সংঘটিত হৈছিল ।

আনহাতে, ডিচেম্বৰৰ ১১ তাৰিখেও প্ৰেচাৰ আইইডি বোমাত জোৱানৰ ভৰি পৰাত সুকমাত আন এক আইইডি বিস্ফোৰণ হৈছিল । এই বিস্ফোৰণত চাৰিজন জোৱান আহত হয় । ইয়াৰে ভিতৰত দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আহত দুজনক পিছত বিমানেৰে ৰায়পুৰলৈ লৈ যোৱা হয় ।

লগতে পঢ়ক :মোদী-শ্বাহৰ উপস্থিতিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মোহন যাদৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.