ETV Bharat / bharat

মোদী-শ্বাহৰ উপস্থিতিত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মোহন যাদৱৰ

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 1:44 PM IST

মোহন যাদৱে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত গ্ৰহণ কৰে । লাল পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যপাল মংগুভাই চি পেটেলে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায । অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে ।

Madhya Pradesh CM Mohan Yadav takes oath
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মোহন যাদৱৰ

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : বহু জল্পনা-কল্পনাৰ অন্তত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত মোহন যাদৱে বুধবাৰে শপত গ্ৰহণ কৰে । তেওঁক ভূপালৰ লাল পেৰেড গ্ৰাউণ্ডত ৰাজ্যপাল মংগুভাই চি পেটেলে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণ কৰায় ।

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে । ইফালে ৰাজ্যখনত দুগৰাকী উপ-মুখ্যমন্ত্ৰীও মনোনীত কৰা হৈছে । তেওঁলোক হৈছে ৰাজেন্দ্ৰ শুক্লা আৰু জগদীশ দেৱদা ।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হোৱাৰ পূৰ্বে যাদৱে ভূপালৰ এটা মন্দিৰ পৰিদৰ্শন কৰে আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় । তাত তেওঁ জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য পণ্ডিত দীনদয়াল উপাধ্যায় আৰু গেৰুৱা দলৰ প্ৰতিষ্ঠাপক চিন্তাবিদ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইফালে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক আয়োজন কৰা হয় ।

শপত গ্ৰহণ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে আদিৰ লগতে বিজেপি মিত্ৰজোঁটৰ অংশীদাৰসকলো উপস্থিত থাকে । অনুষ্ঠানটোত ভাৰতীয় জনতা পাৰ্টীৰ বহুসংখ্যক কৰ্মী, বিশেষকৈ যাদৱৰ গৃহভূমি উজ্জয়িনীৰ পৰা অহা কৰ্মীসকল উপস্থিত থাকে ।

অনুষ্ঠানত উপস্থিত থকা আনসকলৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক জনতাক উদ্দেশ্যি হাত জোকাৰি থকা দেখা যায় । উল্লেখ্য যে দলটোৰ বিজয়ৰ কৃতিত্ব লাভ কৰা চৌহানে এইবাৰ ৰাজ্যখনক নেতৃত্ব দিয়াৰ দায়িত্ব লাভ নকৰিলে । তেওঁ মুখ্যমন্ত্ৰী হ'লে অভিলেখ সংখ্যক পঞ্চমটো কাৰ্যকাল হ'লহেঁতেন ।

কিন্তু ইয়াৰ বিপৰীতে গেৰুৱা দলটোৱে যাদৱক প্ৰথম পচন্দ হিচাপে বাছনি কৰে । দলৰ হাইকমাণ্ডৰ নিৰ্দেশনা অনুসৰি চৌহান চৰকাৰৰ দিনত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা যাদৱক সোমবাৰে এক বৈঠকত সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় ।

লগতে পঢ়ক :ৰাজস্থানৰ মুখ্যমন্ত্ৰী হ’ব ভজনলাল শৰ্মা; দিয়া কুমাৰী-প্ৰেমচান্দ বাইৰৱা উপ-মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.