ETV Bharat / bharat

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হ’ব ভজনলাল শৰ্মা; দিয়া কুমাৰী-প্ৰেমচান্দ বাইৰৱা উপ-মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:04 PM IST

Rajasthan Chief Minister
Chief Minister of Rajasthan

ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভজনলাল শৰ্মা । মঙলবাৰে বিজেপি বিধায়িনী দলৰ বৈঠকত তেওঁৰ নাম ঘোষণা কৰা হয় ।

নিউজ ডেস্ক, 12 ডিচেম্বৰ: অশেষ জল্পনা-কল্পনাৰ অন্তত বিজেপিয়ে ঘোষণা কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নাম ৷ ভজনলাল শৰ্মা হ’ব ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ৷ ৰাজ্যিক বিজেপিৰ মুখ্যালয়ত বিজেপি বিধায়কসকলৰ বৈঠকৰ পিচত ঘোষণা কৰা হয় মুখ্যমন্ত্ৰীৰ নাম ৷ ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা সাংগানেৰৰ বিধায়ক ।

ৰাজস্থান বিধানসভা নিৰ্বাচনত যিহেতু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, গতিকে যোৱা ৯ দিন ধৰি নতুন মুখ্যমন্ত্ৰীক লৈ উৎকণ্ঠাৰ সৃষ্টি হৈছিল । নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত আৰম্ভণিৰে পৰা ৰাজস্থানৰ বহু জ্যেষ্ঠ নেতাৰ নাম চৰ্চা হৈ আহিছে । দিল্লীত দলটোৰ শীৰ্ষ নেতৃত্বৰ পৰ্যায়ত কেইবাটাও ৰাউণ্ডৰ বৈঠক আৰু আলোচনাৰ ধুমুহাৰ অন্তত মঙলবাৰে বিয়লি ৪ বজাত ৰাজস্থান বিজেপিৰ মুখ্য কাৰ্যালয়ত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয় । এই সভাত ভজনলাল শৰ্মাৰ নাম প্ৰস্তাৱ কৰা হৈছিল, সকলোৱে এই প্ৰস্তাৱত সমৰ্থন জনায় ।

আনহাতে, দিয়া কুমাৰী আৰু প্ৰেমচান্দ বাইৰৱাক উপ-মুখ্যমন্ত্ৰী হিচাপে বাচনি কৰা হৈছে । ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজেই ভজনলাল শর্মাৰ নাম প্রস্তাৱ কৰে ৷ সকলো বিধায়কে এই প্ৰস্তাৱত সন্মতি দিয়ে । ইফালে আজমেৰ উত্তৰৰ বিধায়ক বাসুদেৱ দেৱনানীক বিধানসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ।

উল্লেখ্য যে ভজনলাল শৰ্মা বৰ্তমান সাংগানেৰৰ বিধায়কৰ লগতে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক । এই বৈঠকত দলটোৰ তিনিজন পৰ্যবেক্ষক কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং, বিনোদ তাওড়ে আৰু সৰোজ পাণ্ডে, প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে, বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশীকে ধৰি দলৰ সকলো জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: বুধবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব মোহন যাদৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.