ETV Bharat / bharat

বুধবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব মোহন যাদৱে

author img

By ANI

Published : Dec 12, 2023, 8:05 AM IST

Updated : Dec 12, 2023, 9:35 AM IST

Madhya Pradesh CM-designate Mohan Yadav to take oath on Wednesday
নৱ নিযুক্ত মুখ্যমন্ত্ৰী মোহন যাদৱ

13 ডিচেম্বৰত মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নৱনিযুক্ত মুখ্যমন্ত্ৰী মোহন যাদৱে ৷ যাদৱৰ লগতে শপত ল’ব উপ-মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত ৰাজেন্দ্ৰ শুক্লা আৰু জগদীশ দেৱদাই । বিজেপি নেতা মোহন যাদৱক মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে উজ্জীয়িনস্থিত যাদৱৰ বাসগৃহত নিৰাপত্তা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷

নেশ্যনেল ডেস্ক, 12 ডিচেম্বৰ: মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে মোহন যাদৱক ৷ সোমবাৰে ভূপালত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যাদৱে কয় যে 13 ডিচেম্বৰৰ দিনা শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । যাদৱৰ লগতে 13 ডিচেম্বৰত শপত ল’ব উপ-মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত ৰাজেন্দ্ৰ শুক্লা আৰু জগদীশ দেৱদাই ।

"দলটোৱে 8.5 কোটি লোকৰ মৰম আৰু বিশ্বাস লাভ কৰিছে । তেওঁলোকৰ নেতা হিচাপে আমাক নিৰ্বাচিত কৰাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি যিদৰে আগবাঢ়িছে, আমি ঐক্যৱদ্ধ হৈ উন্নয়নৰ গতিক আগুৱাই লৈ যাম" সংবাদ মাধ্যমৰ সমুখত এইদৰে কয় মোহন যাদৱে ।

যাদৱে পুনৰ কয়, "মই ৰাইজৰ সেৱাত আছো । প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আৰম্ভ কৰা উন্নয়নমূলক কামবোৰ মই আগুৱাই লৈ যাম । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰখনৰ কাম-কাজ আমি আগুৱাই লৈ যাম । আমি সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিম ।"

অন্যান্য পিছপৰা শ্ৰেণী চমুকৈ OBC সম্প্ৰদায়ৰ নেতাজনে কয় যে তেওঁৰ দৰে সাধাৰণ কৰ্মীক এই বৃহৎ দায়িত্ব দলে প্ৰদান কৰাত তেওঁ ভীষণ সুখী ।

"মই এগৰাকী বিজেপি কৰ্মী । বিজেপি দলটোৱে নিজৰ সকলো কৰ্মীৰ যত্ন লোৱাৰ বাবেই ই বিশ্বৰ সৰ্ববৃহৎ দল হৈ পৰিছে । মোৰ দৰে সাধাৰণ কৰ্মীক এই বৃহৎ দায়িত্ব দলটোৱে দিয়াত মই সুখী ।" মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ জয়লাভৰ বাবে মধ্যপ্ৰদেশৰ ভোটাৰসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে, দলৰ উপৰিও সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে নৱ নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপি নেতা মোহন যাদৱক মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে উজ্জীয়িনস্থিত যাদৱৰ বাসগৃহত নিৰাপত্তা বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে । কেইবাজনো কৰ্মীয়ে নিৰাপত্তাৰক্ষী জনিত কেমেৰা স্থাপন কৰা দেখা গৈছিল ।

লগতে পঢ়ক: মোহন যাদৱ মধ্যপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

Last Updated :Dec 12, 2023, 9:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.