ETV Bharat / bharat

মোহন যাদৱ মধ্যপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 6:59 PM IST

মোহন যাদৱ মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হ'ব । তেওঁ উজ্জয়িনী দক্ষিণ বিধানসভা আসনৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে । শিৱৰাজ চৰকাৰত তেওঁ উচ্চ শিক্ষা মন্ত্ৰী আছিল । উল্লেখ্য যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত মোহন যাদৱৰ নাম এক আচৰিত ঘোষণা । কিয়নো এই দৌৰত বিজেপিৰ বহু প্ৰবীণ নেতা আছিল ।

Mohan Yadav new Chief Minister of MP
মোহন যাদৱ মধ্যপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, ১১ ডিচেম্বৰ : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে সন্ধিয়া ঘোষণা কৰা হয় মধ্যপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম । উল্লেখ্য যে ৩ ডিচেম্বৰত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ৭ দিন পিছত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হয় । সোমবাৰে বিয়লি ৪ বজাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ বিজেপি বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰা হয় ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰীকে ধৰি তিনিগৰাকী বিজেপি নেতা পুৱা পৰ্যবেক্ষক হিচাপে ভূপালত উপস্থিত হয় । বিয়লি ৪ বজাত আৰম্ভ হোৱা বিধায়িনী দলৰ সভাত পৰ্যবেক্ষকসকলে বিধায়কসকলৰ সৈতে আলোচনা কৰে । ইয়াৰ পিছত এটা নাম ৰখাৰ বাবে সন্মত হয় আৰু পৰ্যবেক্ষকসকলে দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বক এই বিষয়ে অৱগত কৰে ।

সোমবাৰে বিজেপি পৰ্যবেক্ষকসকলে পুৱা ভূপালত উপস্থিত হোৱাৰ পিছত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হয় । যিহেতু এগৰাকী জনজাতীয় লোকক ছত্তীশগড়ত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে, সেয়েহে প্ৰহ্লাদ পেটেলে মধ্যপ্ৰদেশৰ কমাণ্ড লাভ কৰিব পাৰে বুলি অনুমান কৰা হৈছিল । কাৰণ প্ৰহ্লাদ পেটেল অ'বিচি শ্ৰেণীৰ অন্তৰ্ভুক্ত । ইয়াৰ উপৰি প্ৰহ্লাদ পেটেলৰ ৰাজনীতিত ভাল অভিজ্ঞতাও আছে । আনহাতে, তেওঁৰ বিজেপিত কোনো শিবিৰ নাই । তেওঁ এগৰাকী ভাল বক্তাও । লগতে প্ৰহ্লাদ পেটেলক প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ বুলিও গণ্য কৰা হয় ।

উল্লেখ্য যে শিৱৰাজ সিং চৌহান, প্ৰহ্লাদ পেটেল, নৰেন্দ্ৰ সিং টোমৰ, কৈলাস বিজয়বৰ্গীয়ৰ লগতে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামো মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে চৰ্চিত হৈ আছিল । নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত শিৱৰাজ সিং চৌহানৰ বাহিৰে আন প্ৰতিদ্বন্দ্বীসকলে দিল্লীত লবি কৰিবলৈ আৰম্ভ কৰিছিল । তেওঁলোকৰ ভিতৰত প্ৰহ্লাদ পেটেল, নৰেন্দ্ৰ সিং টোমৰ আৰু শিৱৰাজ সিং চৌহানৰ লগতে কৈলাস বিজয়বৰ্গীয় শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল ।

নৰেন্দ্ৰ সিং টোমৰ আৰু প্ৰহ্লাদ পেটেল মোদী চৰকাৰৰ মন্ত্ৰী আছিল । ইতিমধ্যে তেওঁলোকে পদত্যাগ-পত্ৰ দাখিল কৰিছে । ইয়াৰ পিছত এই দাবী অধিক শক্তিশালী হৈছিল যে এই দুগৰাকীৰ মাজৰ এগৰাকী মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হ'ব পাৰে । আনহাতে, সিন্ধিয়া সোমবাৰে বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে দিল্লীত আছিল । এনে পৰিস্থিতিত এইটো প্ৰায় থিৰাং হৈছিল যে সিন্ধিয়া মুখ্যমন্ত্ৰীৰ দৌৰৰ পৰা বাহিৰ হৈছে ।

১৮ বছৰৰো অধিক সময় ধৰি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত শিৱৰাজ সিং চৌহানে শেষলৈকে হাৰমনা নাছিল । নিৰ্বাচনৰ ফলাফলৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰতিদ্বন্দ্বীসকলে দিল্লীত লবি কৰি আছিল, যাৰ বাবে শিৱৰাজে মধ্যপ্ৰদেশত থকাটো ভাল বুলি ভাবে । তেওঁ কেন্দ্ৰীয় নেতৃত্বক প্ৰভাৱিত কৰিবলৈ লোকসভা নিৰ্বাচনত ২৯ খন আসনৰ ভিতৰত ২৯ খনতে জয়ী হোৱাৰ প্ৰতিশ্ৰুতি দিছিল ।

ইয়াৰ লগতে শিৱৰাজে ছিন্দৱাৰা ভ্ৰমণ কৰে । কাৰণ ছিন্দৱাৰা হৈছে একমাত্ৰ লোকসভা আসন, য'ত ২০১৪ আৰু ২০১৯ চনত মোদী ঢৌৰ পিছতো বিজেপিয়ে জিকিব পৰা নাই । ইয়াৰ পিছত শিৱৰাজ সিং চৌহানে মোদী ঢৌৰ পিছতো বিজেপিয়ে পৰাজয়ৰ সন্মুখীন হ'বলগা আসনসমূহ পৰিদৰ্শন কৰে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী আহিলে...কামাখ্য ক’ৰিড’ৰৰ আধাৰশিলা হ’ব; লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন হ’ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.