Mid Day Meal scam: মৰাণত ছাত্ৰ-ছাত্ৰীক অস্বাস্থ্যকৰ মধ্যাহ্ন ভোজন দিয়াৰ গুৰুতৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:30 PM IST

thumbnail

মৰাণ, 11 অক্টোবৰ : ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰতিখন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ খাদ্য যোগান ধৰা বুলি কৈ অহা সময়তে মৰাণত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক নিম্ন মানদণ্ডৰ মধ্যাহ্ন ভোজন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । চৰাইদেউ জিলাৰ মৰাণ নগৰৰ এখন বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীক নিম্ন মানদণ্ডৰ মধ্যাহ্ন ভোজন যোগান ধৰাক কেন্দ্ৰ কৰি বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 

মৰাণ পৌৰসভাৰ 4 নং ৱাৰ্ডত অৱস্থিত 1 নং মৰাণ নগৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক দীৰ্ঘদিন ধৰি নিম্নমানৰ মধ্যাহ্ন ভোজন প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ পাচতে আজি উপ-পৌৰপতি উদয় শংকৰ গগৈৰ নেতৃত্বত কিছু সচেতন লোক বিদ্যালয়ত উপস্থিত হয়। এই পৰিদৰ্শনৰ সময়ত বিদ্যালয় কৰ্তৃপক্ষই কণ কণ ছাত্ৰ-ছাত্ৰীসকলক অতি অপৰিচ্ছন্ন ভাত-দালি যোগান ধৰা পৰিলক্ষিত হয় ৷ 

তদুপৰি এটা কণীকে চাৰিটা ভাগ কৰি চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা কাৰ্যই সকলোকে হতভম্ব কৰে ৷ বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীগৰাকীয়ে প্ৰধান শিক্ষয়িত্ৰীৰ নিৰ্দেশমৰ্মে এনে খাদ্য প্ৰস্তুত কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ ইফালে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে এই বিষয়ে দায়সৰা মন্তব্য প্ৰদান কৰে কৰে। সমগ্ৰ বিষয়টো সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে অভিভাৱক আৰু সচেতন ৰাইজে।

লগতে পঢ়ক: Anganwadi workers protest: বৰপাৰাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.