Anganwadi workers protest: বৰপাৰাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:53 PM IST

thumbnail

বঙাইগাঁও, 11 অক্টোবৰ : বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও চহৰৰ বৰপাৰাত সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত ৰাজ্যজোৰা আৰম্ভ হোৱা কাৰ্যসূচী অনুসৰি আজি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰকল্পৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলক চৰকাৰে নিয়মীয়াকৰণ কৰিবলৈ দাবী উত্থাপন কৰে ৷

ইয়াৰ লগতে চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননী বৃদ্ধি কৰা, গ্ৰেছ্যুইটি আদায় দিয়াৰ দাবীৰে প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰে ৷ যদি চৰকাৰে কৰ্মীসকলৰ এই দাবী মানি নলয় তেনেহ’লে গণতান্ত্ৰিক আন্দোলনত নামিব বুলি প্ৰতিবাদথলীৰ পৰাই হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: Anganwadi worker protest: মাননি বৃদ্ধিৰ দাবীত নৱম দিনাও আন্দোলন অব্যাহত ৰাখিব অংগনৱাড়ী কৰ্মী-সহায়িকাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.