সেৱা জনাইহে চুৰি কৰিছে : মা কালিয়ে দায়-দোষ নধৰে চাগৈ - theft in mandir

By ETV Bharat Assamese Team

Published : May 13, 2024, 2:27 PM IST

thumbnail
চুৰিকাণ্ড (ETV BHARAT)

দলগাঁও, ১৩ মে’ : চোৰে প্ৰথমে মাৰ চৰণ স্পৰ্শ কৰি সেৱা জনাই লৈছে ৷ ধৰা নপৰে চাগৈ এতিয়া পুলিচৰ হাতত ! ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড‌ৰ ঘটনা খাৰুপেটীয়াত । দৰঙৰ ঐতিহাসিক খাৰুপেটীয়াৰ শ্মশান কালি মন্দিৰত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা । পুৱতি নিশা ২.২৮ বজাত দুই জনীয়া এটা চোৰৰ দলে মন্দিৰত সংঘটিত কৰে চুৰিকাণ্ড । মন্দিৰৰ ভিতৰত থকা কালি মাৰ প্ৰতিমা পৰা ৰূপ আৰু ব্ৰঞ্জৰ আ-অলংকাৰ চুৰি কৰি উধাও হয় চোৰৰ দলটো ৷ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হ’ল CCTV কেমেৰাত ।

খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় খাৰুপেটীয়া আৰক্ষী | সঠিক তদন্ত কৰি চুৰিকাণ্ডত জড়িত চোৰৰ দলটোক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী মন্দিৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজৰ । শ্মশান কালি মন্দিৰত চুৰিকাণ্ডৰ ঘটনাক লৈ নগৰবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ঘটনা সন্দৰ্ভত ইতিমধ্যে খাৰুপেটীয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : বিয়া খাবলৈ যাওঁতেই ঘৰৰ তলি উদং কৰিলে চোৰে - Barpeta theft incident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.