বিয়া খাবলৈ যাওঁতেই ঘৰৰ তলি উদং কৰিলে চোৰে - Barpeta theft incident

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 8:40 AM IST

thumbnail

বৰপেটাৰোড, 29 এপ্ৰিল : সপৰিয়ালে ঘৰৰ পৰাৰ ওলাই যাবলৈকে ভয় ৷ পুনৰ বৰপেটাৰোডত চুৰিকাণ্ড সংঘটিত হৈছে ৷ দেওবাৰে সন্ধিয়া বৰপেটাৰোডৰ কলহভাংগাৰ চাৰি নম্বৰ ৱাৰ্ডৰ বিশ্বজিৎ সাহাৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ড । চোৰে বিশ্বজিৎ সাহাৰ ঘৰত লুটপাত চলাই প্ৰায় আঠ তোলা সোণসহ নগদ 15/16 হাজাৰ টকা চুৰি কৰি নিয়ে ।

বৰপেটাৰোডৰ ব্যৱসায়ী বিশ্বজিৎ সাহাই দেওবাৰে তেওঁৰ মাতৃক লগত লৈ গুৱাহাটীৰ আত্মীয়ৰ ঘৰত বিয়া খাবলৈ গৈছিল । বিয়া খাই সন্ধিয়া নিজ ঘৰলৈ উভতি আহি ঘৰৰ আচবাবসমূহ লণ্ডভণ্ড হৈ থকা প্ৰত্যক্ষ কৰে । চোৰে বিশ্বজিৎ সাহাৰ ঘৰৰ পিছফালৰ দৰ্জা ভাঙি প্ৰৱেশ কৰি এই কাণ্ড সংঘটিত কৰে । এই চুৰিকাণ্ডৰ ঘটনাৰ বিষয়ে বৰপেটাৰোড আৰক্ষীক অৱগত কৰাৰ পাচত আৰক্ষীয়ে বিশ্বজিৎ সাহাৰ ঘৰত গৈ তদন্ত আৰম্ভ কৰে ।

উল্লেখ্য যে, বৰপেটাৰোড চহৰত বিগত কিছুদিন পূৰ্বেও আন কেবাটাও পৰিয়ালত চোৰে চুৰিকাণ্ড সংঘটিত হৈছিল । বৰপেটাৰোড আৰক্ষীৰ সোপাঢিলা কৰ্তব্যৰ বাবে সঘনাই চহৰখনত চুৰিকাণ্ড সংঘটিত হৈ আহিছে বুলি চহৰখনৰ সচেতন মহলত এতিয়া চৰ্চিত হৈছে । বৰপেটাৰোড চহৰৰ ৰাইজক চোৰৰ পৰা নিৰাপত্তা দিয়াত আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলিও আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক :  লক্ আপৰ ভিতৰতে লুটফুৰৰ আত্মহত্যাই লৈছে নতুন মোৰ - Suicide In Police Station

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.