৮১ ছেকেণ্ডত গণেশ স্তুতি পাঠ; অসম বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট সাত বছৰীয়া প্ৰিশিকা গোৱেলৰ - Assam Book Of Records

By ETV Bharat Assamese Team

Published : May 13, 2024, 2:02 PM IST

thumbnail
সংস্কৃতত গণেশ স্তুতি পাঠ (ETV BHARAT ASSAM)

তিনিচুকীয়া, ১৩ মে' : তিনিচুকীয়াৰ এগৰাকী সাত বছৰীয়া শিশুৱে সংস্কৃতত গণেশ স্তুতি পাঠ কৰি গঢ়িলে এক অভিলেখ ৷ তিনিচুকীয়াৰ ন-পুখুৰী পথৰ প্ৰিশিকা গোৱেলে যোৱা ২২ এপ্ৰিলত 'অসম বুক অৱ ৰেকৰ্ডছ'ত নিজৰ প্ৰতিভাৰ জৰিয়তে সন্নিবিষ্ট কৰিবলৈ সক্ষম হ’ল এই অভিলেখ ৷ অমৃত গোৱেল আৰু কবিতা গোৱেলৰ কন্যা প্ৰিশিকা গোৱেলে মাত্ৰ ৮১ ছেকেণ্ডত সংস্কৃতত গণেশ স্তুতি পাঠ কৰি নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় 'অসম বুক অফ ৰেকৰ্ডছ'ত ৷

গণেশ স্তুতি পাঠ কৰাৰ সময়ত প্ৰতিটো শব্দৰ গতি ০.৫২ ছেকেণ্ডত সন্নিবিষ্ট হয় ৷ প্ৰিশিকা গোৱেলে ব্যতিক্ৰম প্ৰতিভাৰ জৰিয়তে তিনিচুকীয়ালৈ সন্মান কঢ়িয়াই অনাত পৰিয়ালবৰ্গৰ লগতে তিনিচুকীয়াবাসীয়ে গৌৰাৱাম্বিত হৈছে ৷ সমান্তৰালভাৱে যুৱ প্ৰজন্মই ম'বাইল ফোনত ব্যস্ত থকাৰ সময়ত কন্যাক নাচ, গান, তবলাৰ লগতে নানান প্ৰতিভাৰে আগুৱাই যোৱাত সহায় কৰা বাবে পিতৃ-মাতৃ অমৃত গোৱেল আৰু কবিতা গোৱেলক সলাগ লৈছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:Assam Book Of Records : অনন্য প্ৰতিভাৰে জিলিকিছে গোলাঘাট জিলাৰ দুই শিক্ষয়িত্ৰী

Assam Book Of Records: ৬ বছৰতে বিশ্বৰ দহটা ভাষা আয়ত্ত কৰাৰ অভিলেখ

নিজ কৃৰ্তিত্বৰে উজ্জলিছে এঞ্জেল প্ৰিয়া

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.