Assam Book of Records: ৬ বছৰতে বিশ্বৰ দহটা ভাষা আয়ত্ত কৰাৰ অভিলেখ

author img

By

Published : May 27, 2023, 9:18 PM IST

Assam Book of Records

ভিয়ান ভাৰাতীয়ালৈ অসম বুক অৱ ৰেকৰ্ডছৰ খিতাপ (Assam Book of Records)। মাত্ৰ ৬ বছৰ বয়সতে বিশ্বৰ দহটা ভাষা আয়ত্ত কৰাৰ অভিলেখ শিশুটিৰ ।

নাহৰকটীয়া,২৭ মেঃ এটি অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু । বয়স মাত্ৰ ৬ বছৰ । নাহৰকটীয়া নগৰৰ নিবাসী প্ৰতীক ভাৰাতীয়া আৰু সুনম ভাৰাতীয়াৰ পুত্ৰ সন্তান ভিয়ান ভাৰাতীয়াই মাত্ৰ ৬ বছৰ বয়সতে বিশ্বৰ দহটাকৈ ভিন্ন ভাষাৰ বৰ্ণমালা লিখন-পঠন আয়ত্ত কৰি ৰচিছে অভিলেখ । শেহতীয়াকৈ এই কণমানি ভিয়ানে অসমীয়া, ইংৰাজী, হিন্দী, ভিয়েটনামিজ,ৰাছিয়ান,গ্ৰীক,কপটিক, তুৰ্কীজ, স্পেনীছ আৰু কাজাখ ভাষাৰ বৰ্ণমালা একাদিক্ৰমে লিখি আৰু উচ্চাৰণ কৰি 'অসম বুক অৱ ৰেকৰ্ড'ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে (Assam Book of Records)।

উল্লেখ্য় যে, ২০১৬ চনৰ ২১ জুন জন্ম গ্ৰহণ কৰা ভিয়ান ভাৰাতীয়াই যোৱা ২৪ মে' অসম বুক অব ৰেকৰ্ডৰ বিষয়ববীয়াৰ সন্মুখত এখন কাগজতেই একেৰাহে বিশ্বৰ ১০ টাকৈ ভিন্ন ভাষাৰ বৰ্ণমালা লিখি আৰু উচ্চাৰণ কৰি পঢ়ি পাৰদৰ্শিতা প্ৰদৰ্শন কৰে (Vian Bharatia in Assam Book of Records) । ইয়াৰ পিচৰ পৰ্যায়ত অসম বুক অৱ ৰেকৰ্ডে ২৬ মে' অৰ্থাৎ শুক্ৰবাৰে ভিয়ান ভাৰাতীয়াৰ নাম অসম বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ।

Assam Book of Records
ভিয়ান ভাৰাতীয়া

ভিয়ানৰ ককাক প্ৰসন্ন ভাৰতীয়া নাহৰকটীয়াৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী । ইয়াৰ উপৰি ভিয়ানৰ পিতৃ প্ৰতীক ভাৰাতীয়াও বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে । আনহাতে, মাতৃ সুনম ভাৰাতীয়া অৰ্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পৰিয়ালৰ ব্যৱসায় চোৱাচিতা কৰে । ভিয়ানৰ পিতৃ-মাতৃৰ সহযোগিতা আৰু নিজৰ হেঁপাহত ৬ বছৰ বয়সতে অসম বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰি পৰিয়ালৰ লগতে সমগ্ৰ নাহৰকটীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে ভাষা আয়ত্তৰ উপৰি মেধাসম্পন্ন ভিয়ান গণিতটো যথেষ্ট আগবঢ়া । ভিয়ানে পুৰণৰ ৮৩৮৮৬০৮ পৰ্যন্ত পূৰণফল মুহূৰ্ততে সলসলীয়াকৈ ক'ব পাৰে । মাতৃ সুনম ভাৰাতীয়াই এই সন্দৰ্ভত উল্লেখ কৰা অনুসৰি গণিততো ভিয়ানে আন এক অভিলেখ ৰছিবলৈ সক্ষম হ'ব বুলি তেওঁলোক আশাবাদী।

লগতে পঢ়ক:SI Junmoni Rabha death case: লীনা দলেৰ কাৰ্যাকালত নগাঁৱত কোন কোন আৰক্ষী বিষয়াই গঢ়িলে সম্পত্তিৰ পাহাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.