Gamblers Arrested in Udalguri: ওদালগুৰিত বন্দুক, বিলাসী বাহনসহ ৮ জুৱাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

By

Published : Jun 5, 2023, 5:50 PM IST

thumbnail

ৰৌতা,৫ জুন: ওদালগুৰিত বন্দুকসহ ৮ জুৱাৰীক কৰায়ত্ত আৰক্ষীৰ ৷ ওদালগুৰি জিলাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে দেওবাৰে বিয়লি ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই দৈফাঙৰ বান্দৰগুৰি গাঁৱত ৮ টাকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Police apprehend 8 gamblers in Udalguri)  ৷

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি বিলাসী বাহন আৰু বন্দুকসহ জুৱা খেলি থকা অৱস্থাতে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও জুৱাৰী কেইটাক গ্ৰেপ্তাৰ কৰে ৷ জুৱাৰী কেইটাৰ পৰা দুটা লাইচেন্স যুক্ত বন্দুক জব্দ কৰাৰ লগতে জুৱাৰীকেইটাই ব্যৱহাৰ কৰা ৯ খন চাৰিচকীয়া বাহন, এখন বাইকৰ লগতে নগদ ১ লাখ ৮৫ হাজাৰ টকা জব্দ কৰে (Arms Recovered) ৷

গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইগৰাকী হ’ল লোহিত বৈশ্য,ইন্দ্ৰ মোহন বসুমতাৰী,অপূৰ্ব চৰকাৰ, কেদাৰ ব্ৰহ্ম, ৰবিৰাম ব্ৰহ্ম, অশ্বিনী ব্ৰহ্ম ,মতিউৰ ৰহমান আৰু নয়ন দাস (Arms Recovered from Gamblers in Udalguri) ৷ ইয়াৰে দুটা জুৱাৰী ঢেকীয়াজুলীৰ বুলি জানিব পৰা গৈছে ৷ আনহাতে অশ্বিনী ব্ৰহ্ম নামৰ আটকাধীন জুৱাৰীটো ওদালগুৰি বিদ্যুৎ বিভাগৰ উচ্চ বৰ্গৰ সহায়ক হিচাপে কৰ্মৰত ৷ ইয়াৰে তিনিটা জুৱাৰী পলাবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা জুৱাৰীকেইটাৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰা হয় (Gamblers Arrested in Udalguri) ৷ 

লগতে পঢ়ক: Crime in Nalbari: পশ্চিম নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত চুৰিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.