ETV Bharat / state

যোৰহাটত মৃত্যুৰ কিৰিলি: তিনিটি শিশুৰ মৃত্যুৰ কাৰণ বৰ্ণনা J.M.C.Hৰ অধীক্ষকৰ - CHILDS DEATH AT JMCH

Childs death in unidentified disease : যোৰহাটত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত তিনিটাকৈ শিশুৱে মৃত্যুক আঁকোৱালি লয় ৷

3 CHILDS DEATH IN UNIDENTIFIED DESEASE
যোৰহাটত মৃত্যুৰ কিৰিলি: তিনিটা শিশুৰ মৃত্যু কাৰণ বৰ্ণনা J.M.C.Hৰ অধীক্ষকৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 23, 2024 at 8:45 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট, 23 মে’ : তিনিচুকীয়াৰ কাকপথাৰৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ যোৰহাটত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত তিনিটি শিশুৱে শোকাৱহ মৃত্যুক আঁকোৱালি লয় ৷ এই ঘটনাই এতিয়া সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

যোৰহাটত মৃত্যুৰ কিৰিলি: তিনিটা শিশুৰ মৃত্যু কাৰণ বৰ্ণনা J.M.C.Hৰ অধীক্ষকৰ (ETV BHARAT ASSAM)

বৃহস্পতিবাৰে এই তিনিটা শিশুৱে মৃত্যুক আঁকোৱালি লোৱা সন্দৰ্ভত যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালৰ অধীক্ষক ডাঃ মানৱ গোহাঁইয়ে কয় যে, তিনিটা শিশুৰ অত্যধিক হাৰত জ্বৰ হৈছিল ৷ সেইবাবে শিশুকেইটাৰ মেকানিকেল ভেন্টিলেশ্যনত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় ৷ ইয়াৰোপৰি শিশু তিনিটাক অধিক গুৰুতৰ অৱস্থাত চিকিৎসা মহাবিদ্যালয়খনলৈ লৈ অনা হৈছিল । মৃত শিশু তিনিটাৰ ঘৰ যোৰহাটৰ ঠেঙালবাৰী, শিৱসাগৰৰ গেলেকী আৰু আনজনৰ ঘৰ গোলাঘাটৰ টিপুজানত ।

সাধাৰণতে এই সময়ছোৱাত কঁপনি জ্বৰ, ডায়েৰীয়া, গাৰ বিষ আদি ৰোগত আক্ৰান্ত হয় শিশুসকল । কিন্তু এই ৰোগৰ সংক্ৰমণৰ মাত্ৰা অধিক হ’লে শিশুসকলৰ অৱস্থা সংকটজনক হৈ পৰে, সেয়েহে এই ৰোগৰ লক্ষণ দেখা পোৱা মাত্ৰকে শিশুসকলক নিকটৱৰ্তী চিকিৎসক, চিকিৎসালয়ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ কৰে জে এম চি এইছৰ অধীক্ষক মানৱ গোহাঁইয়ে ।

ইতিমধ্যে মৃত শিশুকেইটাৰ সন্দৰ্ভত স্বাস্থ্য বিভাগে ICMR লৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি অধীক্ষকগৰাকীয়ে মত প্ৰকাশ কৰে । তাৎপৰ্যপূৰ্ণ যে, যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত চিকিৎসাধীন অৱস্থাত শিশুৰ মৃত্যু হোৱা ঘটনাই অভিভাৱকসকলক চিন্তিত কৰি তুলিছে । সেয়েহে বৰ্তমান সময়ত অভিভাৱকসকল সজাগ-সচেতন হোৱাটো অত্যন্ত প্ৰয়োজন । উল্লেখ্য যে, বিগত সময়ছোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত চিকিৎসাধীন অৱস্থাত শিশু আৰু নৱজাতকৰ মৃত্যু হোৱা ঘটনাৰ বহুতো উদাহৰণ আছে ৷

লগতে পঢ়ক: মহিলা চিকিৎসকক যৌন নিৰ্যাতন: গ্ৰেপ্তাৰ কাৰাধ্যক্ষ - Golaghat district jail