Crime in Nalbari: পশ্চিম নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত চুৰিকাণ্ডৰ ঘটনা

By

Published : Jun 5, 2023, 5:05 PM IST

thumbnail

নলবাৰী, ৫ জুন: নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত হয় চুৰি কাণ্ডৰ ঘটনা । ২ জুনত চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিশাৰ ভাগত প্ৰৱেশ কৰি চোৰে সংঘটিত কৰে চুৰিকাণ্ড ৷ কাৰ্যালয়ত চোৰে প্ৰৱেশ কৰি লুটি থকাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চক্ৰ বিষয়া কাৰ্যালয়ৰ CCTV ত (Theft in Pachim Nalbari Revenue Circle Office) ৷  

ঘটনাৰ পিছতে চামতা পহৰা চকীৰ আৰক্ষীয়ে অভিযান চলাই সমগ্ৰ ঘটনাৰ লগত জড়িত লুতপুট আৰু বৰাল নামৰ দুই যুৱকক আটক কৰিবলৈ সক্ষম হয় ( Pachim Nalbari Revenue Circle Office in Nalbari)  ৷ 

ইতিমধ্যে চোৰ দুটাক আৰক্ষীয়ে আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ কাৰ্যালয়টোৰ পৰা চোৰে কি কি সামগ্ৰী চুৰি কৰিছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ আৰক্ষীৰ তদন্তৰ পিছতহে সকলো জানিব পৰা যাব । সম্প্ৰতি চৰকাৰী কাৰ্যালয়ত এনেদৰে চোৰে মৰসাহ দেখুওৱা কাৰ্যত হতভম্ব হৈ পৰিছে চামতা বাসী (Crime in Nalbari) ৷

লগতে পঢ়ক: World Environment day:টীয়কত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.