Vande Bharat Express: নলবাৰী ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছ

By

Published : May 29, 2023, 8:40 PM IST

thumbnail

নলবাৰী, ২৯ মে': ভাৰতৰ ছেমি হাই স্পীড, আৰামদায়ক, দ্ৰুত গতিবেগ থকা বৈদ্যুতিক ৰে'ল বন্দে ভাৰত এক্সপ্ৰেছ সোমবাৰে ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰে (Assam First Vande Bharat Express Train)। ভাৰতৰ বাবে এক ঐতিহাসিক দিন ৰূপে পৰিচিত হৈছে সোমবাৰৰ দিনটো । নতুন দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰে ভাৰতৰ অত্যাধুনিক, ভাৰতৰ কাৰিকৰী কৌশলেৰে নিৰ্মিত বন্দে ভাৰত এক্সপ্ৰেছ । আজি অসম তথা উত্তৰ-পূবৰ প্ৰথমখন বন্দে ভাৰত ৰে'লৰ শুভাৰম্ভণী কৰা হৈছে । নলবাৰী ৰে'ল ষ্টেচনত দুই মিনিটৰ বাবে ৰয় এক্সপ্ৰেছখনে (PM Modi Flag Off Assam First Vande Bharat Express)।  

নলবাৰী ষ্টেচনত উপস্থিত হোৱাৰ প্ৰাকমূহুৰ্তত ৰে'লখনক আদৰি ফ্লেগ অফ কৰিবলৈ উত্তৰ-পূব ৰে'লৱে ৰঙিয়া ডিভিজনৰ বিষয়ববীয়াৰ লগতে মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই উপস্থিত থাকে । স্বাধীনতাৰ পিচত ভাৰতে নিজাববীয়াকৈ নিৰ্মাণ কৰি উলিওৱা ৰে'লখনৰ শুভাৰম্ভণীত নলবাৰীবাসীক সাক্ষী কৰাৰ উদ্দেশ্যে ষ্টেচনত আজি শ শ লোকৰ সমাগম হয় । আনহাতে, নলবাৰীৰ প্ৰথমখন উৰণীয়া সেঁতুৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শুভাৰম্ভ কৰাৰ অপেক্ষাত ৰৈ থকা বুলি সদৰী কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

লগতে পঢ়ক:Vande Bharat Express : গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি মাজত আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.