Vande Bharat Express : গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি মাজত আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা

author img

By

Published : May 29, 2023, 3:56 PM IST

Updated : May 29, 2023, 4:14 PM IST

PM Modi Flag Off Assam First Vande Bharat Express

আজিৰে পৰা আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা ৷ গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি মাজত চলাচল কৰিব এই বিশেষ ৰে’ল সেৱা ৷ সোমবাৰে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে (PM Modi Flag Off Assam First Vande Bharat Express) ৷

সোমবাৰৰ পৰা আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ

গুৱাহাটী, ২৯ মে’ : ৰে’ল যাতায়ত ব্যৱস্থাত নতুন বিপ্লৱৰ সূচনা কৰি গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি মাজত আজি অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে (PM Modi Flag Off Assam First Vande Bharat Express) ৷ লগে লগে গুৱাহাটী নিউ জলপাইগুৰিৰ মাজৰ বন্দে ভাৰত ৰে’লৰ চলাচল আৰম্ভ হয় (PM Modi Flag Off Vande Bharat Express) । মাত্ৰ ৫.৩০ ঘন্টাতেই এই যাত্ৰা সম্পূৰ্ণ কৰিব দ্ৰুতবেগী ৰে’লখনে।

তীব্ৰবেগী ৰে’ল ৰাজধানী এক্সপ্ৰেছৰ লগতে আজিৰে পৰা বন্দে ভাৰত এক্সপ্ৰেছ সংযোজন হোৱাৰ লগে লগে উত্তৰ পূব ভাৰতৰ ৰে’ল যাতায়ত ব্যৱস্থাই নতুন গতি লাভ কৰে (Assam First Vande Bharat Express Train) । আনহাতে, প্রধানমন্ত্রীয়ে ৯১.০৩ কিলোমিটাৰ দৈৰ্ঘৰ নিউ বঙাইগাঁও দুধনৈ মেন্দিপাথাৰ নৱনিৰ্মিত বৈদ্যুতিকৰণ কৰা খণ্ডটোৰ লগতে গুৱাহাটী-চাপৰমুখৰ ৯১ কিলোমিটাৰ নৱ-নির্মিত বৈদ্যুতিকৰণ কৰা ৰে’ল খণ্ডটোও ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে (PM Modi flags off Guwahati-New Jalpaiguri Vande Bharat Express) ৷

উল্লেখ্য যে, অত্যাধুনিক তীব্ৰবেগী গুৱাহাটী- নিউ জলপাইগুড়ী লাইনত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছৰ নিয়মীয়া সেৱা ৩১ মে’ পৰা আৰম্ভ হ'ব । মঙলবাৰৰ বাহিৰে ৰে’লখন সপ্তাহত ছয়দিন চলিব । বন্দে ভাৰত এক্সপ্ৰেছে ৩১ মে’ পৰা পুৱা ০৬:১০ বজাত নিউ জলপাইগুড়ীৰ পৰা প্ৰস্থান কৰিব আৰু দিনৰ ১১:৪০ বজাত গুৱাহাটীত আহি উপস্থিত হ'ব ।

উভতনি যাত্ৰাৰ দিশত গুৱাহাটী- নিউ জলপাইগুড়ী বন্দে ভাৰত এক্সপ্ৰেছ ৩১ মে’ পৰা বিয়লি ৪:৩০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি নিশা ১০:০০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ'ব । উভয় যাত্রা পথত ৰে’লখনৰ কামাখ্যা, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ আৰু নিউ কোচবিহাৰ ষ্টেচনত ষ্টপেজ থাকিব ।

ৰে’লখনৰ ওৱান ৱে যাত্ৰাত বন্দে ভাৰত এক্সপ্রেছে ০৫ ঘণ্টা ৩০ মিনিটত ৪১১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । ৰে’লখনৰ ৮ টা ডবাত ৫৩০ খন বহা আসন থকাৰ লগতে ৰে’লখনত এটা এগজিকিউটিভ ক্লাছ, পাঁচখন চেয়াৰ কাৰ আৰু দুটা ড্রাইভাৰ ট্ৰেইল কোচ থাকিব ।

উল্লেখ্য যে, আজি বন্দে ভাৰত এক্সপ্ৰেছৰ আৰম্ভণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া, কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মন্ত্ৰী নিশীথ প্ৰামাণিক, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ কুইন ওজা, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কামাখ্যা প্ৰসাদ তাচা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে ।

লগতে পঢ়ক : Road accident in Guwahati: AEC কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

Last Updated :May 29, 2023, 4:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.