Road accident in Guwahati: AEC কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

By

Published : May 29, 2023, 2:43 PM IST

Updated : May 29, 2023, 3:03 PM IST

thumbnail

গুৱাহাটী, ২৯ মে:দেওবাৰে নিশা জালুকবাৰীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় মহানগৰীৰ সাতগাঁও প্ৰগতি নগৰ নিবাসী ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেচনৰ (Electronics and telecommunications) ছাত্র অৰিন্দম ভাৱাল । শিক্ষকৰ সন্তান আছিল অতি মেধাবী অৰিন্দম (Road accident at Jalukbari in Guwahati)। অৰিন্দমৰ পিতৃ -মাতৃ কলকাতালৈ ফুৰিবলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় অৰিন্দমে ।

পিতৃ-মাতৃয়ে বহু পলমকৈ তেওঁলোকৰ সন্তানৰ বিয়োগৰ খৱৰ লাভ কৰে । বিয়লি তিনি বজাত পিতৃ-মাতৃ কলকতাৰ পৰা অসমলৈ ৰাওনা হ'ব । মেধাবী ছাত্রজনৰ বিয়োগত স্বাভাৱিকতে শোকাহত হৈ পৰিছে পৰিয়ালৰ লোকে তথা ওচৰ- চুবুৰীয়া (Public react on Warden of AEC Hostel)। ওচৰ -চুবুৰীয়াই শোকাৱহ দুৰ্ঘটনাটো মহাবিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে । তদুপৰি ৱাৰ্ডেন থকাৰ পিছতো কেনেদৰে ছাত্ৰৰ দলটোৱে নিশাৰ ভাগত ফুৰিবলৈ যাবলৈ সাহস কৰিলে তাক লৈ প্ৰশ্ন কৰে চুবুৰীয়াই । অৰিন্দমৰ ওচৰ চুবুৰীয়াই এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক:Muga farming in Moran:মুগা পালনেৰেই দীৰ্ঘদিন ধৰি পৰিয়াল চলাই আছে মৰাণৰ মুগা পালক সকলে

Last Updated : May 29, 2023, 3:03 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.