Road accident at Jonai: জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

By

Published : Apr 16, 2023, 1:10 PM IST

thumbnail

জোনাই, 16 এপ্ৰিল : ৰঙালী বিহুৰ আনন্দ-উল্লাহৰ মাজতে চিমেন চাপৰিত সংঘটিত হ'ল এক শোকাৱহ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হয় । জানিব পৰা মতে, শনিবাৰে সন্ধিয়া প্ৰায় 8:30 বজাত AS 22 G- 2872 নম্বৰযুক্ত পালচাৰ বাইকেৰে ব্যক্তিজন নিজ ঘৰ অভিমুখে আহি থকা সময়তে চিমেন দলঙৰ সোঁমাজত পিছফালৰ পৰা তীব্ৰ বেগী এখন নম্বৰবিহীন ট্ৰেইলাৰ ট্ৰেক্টৰে খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো (One spot dead at Jonai) ।

এই শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহীজন । নিহত ব্যক্তিজন গোগামুখ বৰদলনিৰ জৰাই গাঁৱৰ প্ৰায় ৫৮ বছৰীয়া অজিত নাৰ্জাৰী বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰেক্টৰসহ চালকজন পলায় যাবলৈ চেষ্টা কৰে যদিও ডিমৌ আৰক্ষীৰ টহলদাৰী চকীৰ প্ৰচেষ্টাত বাহনখন ডিমৌ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় (Accident at Jonai)।

লগতে পঢ়ক : Jal Jeevan Mission: নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ভাঙিল পানীৰ টেংকী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.