ETV Bharat / state

Jal Jeevan Mission: নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ভাঙিল পানীৰ টেংকী

author img

By

Published : Apr 16, 2023, 12:08 PM IST

জলজীৱন মিছনৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ব্যাপক অনিয়ম (Jal Jeevan Mission scam) । দুৰ্নীতিত পোত গৈছে আঁচনিখনৰ কাম । কলগাছিয়াত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওতেই খহি পৰিল জলজীৱন মিছনৰ পানী টেংকীৰ দেৱাল ।

Jal Jeevan Mission
Jal Jeevan Mission

নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই ভাঙিল পানী টেংকী

কলগাছিয়া, ১৬ এপ্ৰিল: কলগাছিয়াৰ তাপেশ্বৰা গাঁৱত জলজীৱন মিছনৰ নামত বিয়াগোম দুৰ্নীতি (Jal Jeevan Mission scam) । নিৰ্মাণ কাৰ্য শেষ হোৱাৰ আগতেই ভাঙি পৰিল পানী জমা কৰি ৰখা টেংকীৰ দেৱাল । আনুমানিক ৬৫ হাজাৰ লিটাৰ পানী ভৰ্তি হোৱাৰ ফলত টেংকীৰ দেৱাল ভাঙি পৰে । ঠিকাদাৰ আৰু অভিযন্তাই মিলি লুণ্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ ।

বৰপেটাৰ এম বি নামধাৰী নিৰ্মাণ কোম্পানীয়ে কৰা কামত ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে (Scam in Jal Jeevan Mission) । ব্যাপকভাৱে দুৰ্নীতি সংঘটিত হোৱাৰ বাবেই নিশাৰ ভাগত ভাঙি পৰিল জমা ৰখা পানীৰ টেংকী । অতি নিম্নমানৰ সামগ্রী ব্যৱহাৰ কৰাৰ বাবেই পানী ভৰ্তি কৰি থকা সময়ত ভাঙি পৰিল বৃহৎ পানীৰ টেংকীৰ দেৱাল (Jal Jeevan Mission scam in Kalgachia) ।

জানিব পৰা মতে ৭২ হাজাৰ লিটাৰ পানী মজুত ৰাখিব পৰা পানীৰ টেংকীত ৬৫ হাজাৰ লিটাৰ পানী ভৰোৱাৰ পিচতেই পানীৰ টেংকীটো ভাঙি পৰে । লগতে তলত থকা পাম্প ঘৰৰ ওপৰত জমা পানী পৰাৰ লগে লগে টিন পাতৰ ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হয় । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পানী টেংকীটোৰ চাৰিওদিশে শকত শকত লোৰ ৰ'ডেৰে বেৰ দিয়া হৈছিল যদিও সম্পূৰ্ণৰূপে সুৰক্ষিত নোহোৱাৰ ফলতে পানী টেংকীটো ভাগি পৰে ।

লগতে অতি পৰিতাপৰ বিষয় এই যে, ওচৰতে থকা এটি পৰিয়াল কোনো মতে ৰক্ষা পৰে । কিয়নো পানী টেংকীৰ দেৱাল ভাঙি যোৱাৰ ফলত শকত শকত লোৰ ৰ'ডসমূহ চিটিকি পৰে । এই দুৰ্ঘটনাৰ বাবে সম্পূৰ্ণভাৱে নিৰ্মাণকাৰী এম বি কোম্পানী দায়ী বুলি অভিযোগ উত্থাপন কৰে ৰাইজে । এই কোম্পানীৰ বিৰুদ্ধে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হব বুলি স্থানীয় ৰাইজে ক্ষোভ প্রকাশ কৰে ।

লগতে পঢ়ক: AASU Bihu At Kaliabor: কলিয়াবৰত আছুৰ ৰঙালী বিহু অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.