AASU Bihu At Kaliabor: কলিয়াবৰত আছুৰ ৰঙালী বিহু অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

By

Published : Apr 16, 2023, 10:08 AM IST

thumbnail

কলিয়াবৰ, 16 এপ্ৰিল: পহিলা ব’হাগৰ দিনাই কলিয়াবৰ কুঁৱৰীটোলৰ গান্ধী খেল পথাৰত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই উলহ-মালহেৰে, দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিলে ৰঙালী উৎসৱ ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰা এই ৰঙালী বিহু উৎসৱত দৰ্শক ৰূপে দেখা গ'ল ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক (Minister Keshab Mahanta at AASU Bihu at Kaliabor) ৷  

1980 চনত কলিয়াবৰৰ কুঁৱৰীটোলৰ ঐতিহাসিক গান্ধী খেল পথাৰত আছুয়ে ৰঙালী বিহু উৎসৱ আয়োজন কৰিছিল ৷ সেই সময়ত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়া হৈ, বিহুৰ উদ্যোগতা ৰূপে আছিল বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্ত ৷ আজি 43 বছৰ অতিক্ৰম কৰা ৰঙালী বিহু উৎসৱত উপস্থিত হৈ এইদৰে অতীত ৰোমন্থন কৰিলে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Kaliabor AASU celebrates Bihu at Gandhi pathar) ৷  

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰা বিহু উৎসৱৰ এসময়ৰ এগৰাকী উদ্যোগতা বৰ্তমানৰ মন্ত্ৰীগৰাকী একেবাৰে এৰাব নোৱাৰা কামত কলিয়াবৰৰ বাহিৰত থাকিলেহে এই বিহু উৎসৱত উপস্থিত নাথাকে বুলি মন্তব্য কৰে ৷ শনিবাৰে আয়োজিত আছুৰ বিহুত ব্যস্ততাৰ মাজতে উপস্থিত হৈ বিহু অনুষ্ঠান উপভোগ কৰে ৷ শনিবাৰে অনুষ্ঠিত কাৰ্য্যসূচীত সমন্বিত যুৱতীৰ্থ হুঁচৰি, ৰৌতাৰ অসমী বিহুৱা দল, ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল, শিৱসাগৰৰ জাঁজীপৰীয়া বিহুৱা দল, ফ্ৰেণ্ডশ্বীপ ক্লাৱৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত মাহযোৰা বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীয়ে মুকলি বিহু প্ৰদৰ্শন কৰাৰ ওপৰিও তেজপুৰৰ নক্ষত্ৰ লোকবাদ্য দলে লোকনৃত্যানুষ্ঠান পৰিৱেশন কৰে (Keshab Mahanta at AASU Bihu at Kaliabor) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.