Road Accident in Rangia: ৰঙিয়াৰ মৰাণজানাত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত

By

Published : Jun 8, 2023, 5:48 PM IST

thumbnail

ৰঙিয়া, 8 জুন: ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল BP-2-A 9250 নম্বৰৰ ডাম্পাৰখন ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে  বন্ধ হৈ পৰে গুৱাহাটী অভিমুখী 27 নং ৰাষ্ট্ৰীয় ঘাইপথটো (One Injured in Dumper Accident in Rangia) ৷  

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে ডাম্পাৰ চালক লকজাং ইচি ৷ জানিব পৰামতে ভূটানৰ পৰা ফুল চিলিং অভিমুখে যাত্ৰা কৰিছিল ডাম্পাৰখনে ৷ নিশা হোৱাৰ বাবে পথভ্ৰষ্ট হৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল ডাম্পাৰখনে ৷ সেই মুহুৰ্ততে দ্ৰুতগতিত গৈ প্ৰথমে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাৰ দলংত খুন্দিয়াই ডাম্পাৰখনে (Road Accident in Rangia) ৷ ইয়াৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে (Accident in Rangia) ৷

স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ পৰা চালকজনক উদ্ধাৰ কৰে ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত চালকজনক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ আনহাতে দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰাৰ ফলত কেইবা ঘন্টালৈ বন্ধ হৈ পৰে গুৱাহাটী অভিমুখী 27 নং ৰাষ্ট্ৰীয় ঘাইপথটো ৷ ফলত তীব্ৰ যান-জতঁৰ সৃষ্টি হৈ আবদ্ধ হৈ পৰে শ শ যান-বাহন (Dumper Accident in Rangia)  ৷

লগতে পঢ়ক: Road Accident: ধোঁৱাচাঙত 108 সেৱা, ৰাজপথত জীৱন মৰণেৰে যুঁজিছে যুৱকে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.