ETV Bharat / state

Road Accident: ধোঁৱাচাঙত 108 সেৱা, ৰাজপথত জীৱন মৰণেৰে যুঁজিছে যুৱকে

author img

By

Published : Jun 8, 2023, 4:39 PM IST

মৰিয়নীত উপলব্ধ নহয় 108 সেৱা ৷ দ্ৰুতবেগী বলেৰ’ পিক আপ বাহনৰ খুন্দাত ৰাজপথত পৰি থকা যুৱকক চিকিৎসালয়লৈ নিবলৈ উপস্থিত নহ’ল জৰুৰীকালীন 108 সেৱা (Road accident in Jorhat)৷

Road accident in Jorhat
ৰাজপথত জীৱন মৰণেৰে যুঁজিছে যুৱকে

ৰাজপথত জীৱন মৰণেৰে যুঁজিছে যুৱকে

যোৰহাট, 8 জুন : ৰাজ্যজুৰি গৰিহণাৰ পাত্ৰ হৈছে কেশৱ মহন্তৰ অধীনৰ স্বাস্থ্য বিভাগ। জীৱন মৃত্যুৰে ছটফটাই থকাৰ পিচতো 1.30 ঘন্টা পৰ্যন্ত উপস্থিত নহ’ল চৰকাৰী এম্বুলেঞ্চ সেৱা (Man seriously injured in road accident)। ৰাজ্যত স্বাস্থ্য সেৱাৰ উন্নয়ন হৈছে বুলি যিমানেই ফুলজাৰি মাৰিছে সিমানেই প্ৰতিদিনে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ গাফিলতিৰ ছবি পোহৰলৈ আহিছে (Road accident in Jorhat)৷

এইবাৰ মৰিয়নীত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ ঘটনা বিৱৰণী মতে মৰিয়নীৰ পৰা যোৰহাট দিশত চাইকেলেৰে গৈ থকা মৰিয়নীৰ ডকলঙিয়াৰ অংকুৰ হাজৰিকা নামৰ যুৱকজনক হেঙুল থিয়েটাৰৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত AS 03 BC 8927 নম্বৰৰ দ্ৰুতবেগী বলেৰ’ পিক আপ বাহনখনে মহতিয়াই নিয়ে। এই দুৰ্ঘটনা সংঘটিত কৰিয়ে গাড়ীখনৰ চালকজন ঘটনাস্থলীৰ পৰাৰ পলায়ন কৰে (Poor Condition of Jorhat health Department) ।

লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিবলৈ 108 এম্বুলেঞ্চ সেৱাক ফোন কৰে যদিও কোনো সহাঁৰি নিদিয়ে 108 সেৱাই ৷ ঘটনা সংঘটিত হোৱাৰ 1.30 ঘন্টা সময়ৰ পিচতো ঘটনাস্থলীত উপস্থিত নহয় জৰুৰীকালীন এম্বুলেঞ্চ সেৱা ৷ ফলত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ যুৱকজনে ৰাজপথতে ছটফটাই মৃত্যুক আঁকোৱালি ল’ব লগা হয় বুলি গুৰুতৰ অভিযোগ উথাপিত কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ যুৱকজনক চিকিৎসালয়লৈ লৈ যায় যদিও যুৱকজন জীৱিত অৱস্থাত নাই বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷

এই ঘটনাৰ পিচতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এয়াই নেকি কেশৱ মহন্তৰ নেতত্বাধীন স্বাস্থ্য বিভাগৰ প্ৰকতৃ স্বৰূপ! জৰুৰীকালীন সেৱাৰ অভাৱত ৰাজপথতে অকাল মৃত্যু হোৱা বুলি অভিযোগ উঠা এইসকলৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব।

এনেদৰে চৰকাৰী এম্বুলেঞ্চ সেৱাৰ গাফিলতি বাবে আৰু কিমানজন লোকে অকালতে মৃত্যুক আঁকোৱালি ল'ব লাগিব স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ? ইয়াৰ লগতে শীঘ্ৰে মৰিয়নীত এখন স্থায়ী এমুলেঞ্চ সেৱা উপলব্ধ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: Guwahati accident news today: ৰাস্তাৰ কাষত গাঁত, এখন দ্ৰুতবেগী স্কুল বাছ আৰু এগৰাকী ছাত্ৰীৰ জীৱন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.