আৰু কিমান যুৱতী প্ৰলোভনৰ বলি হৈছে প্ৰৱঞ্চক কুশলৰ ?

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 7:37 AM IST

Updated : Dec 13, 2023, 10:03 AM IST

thumbnail

টীয়ক, 13 ডিচেম্বৰ : যোৰহাট জিলাৰ টীয়কত আৰক্ষীৰ জালত প্ৰৱঞ্চক জাণ্টুমণি দাস ওৰফে কুশল দাস ৷ বিবাহৰ প্ৰলোভন দি নাৰী সৰবৰাহ কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 14 অক্টোবৰৰ পৰা টীয়কৰ ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত এজাৰগুৰি গাঁৱৰ এগৰাকী যুৱতী নিখোঁজ হৈ আছিল ৷ নিজকে লখিমপুৰ জিলাৰ ঢলপুৰৰ যুৱক বুলি চিনাকি দি কুশলে প্ৰেমৰ জালত বন্দী কৰি অৰুণাচললৈ পলুৱাই নিছিল ৷ এই কথা গম পাই যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কুশল নামৰ প্ৰৱঞ্চকটোলৈ ফোন কৰিছিল, তেতিয়া কুশলে যুৱতীগৰাকীক পলুৱাই নিয়াৰ কথা স্বীকাৰ কৰি তেওঁৰ লগতে আছে বুলি জানিবলৈ দিয়ে ৷ 

কিন্তু কুশলৰ কথা বতৰাত যুৱতীগৰাকীৰ পৰিয়ালৰ সন্দেহ হোৱাত গাঁৱৰে দুগৰাকী মহিলাৰ সহায়ত কৌশলেৰে কুশল প্ৰৱঞ্চক বুলি ধৰা পেলাবলৈ সক্ষম হয় ৷ মহিলাগৰাকীয়ে যোৱা এমাহ ধৰি যুৱকজনৰ লগত ফোনত যোগাযোগ কৰি আছিল ৷ যুৱকজনে এইগৰাকী মহিলাকো বিবাহৰ প্ৰস্তাৱ দি পলুৱাই নিয়াৰ প্ৰলোভন দিছিল ৷ অৱশেষত ভগামুখ আৰক্ষী থানা আৰু লখিমপুৰৰ ঢলপুৰ থানাৰ সহযোগত যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ 

এই ঘটনাৰ পিচতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কুশল নামৰ প্ৰৱঞ্চকটোক নাৰী সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে ৷ প্ৰৱঞ্চকটোক কোনোপধ্যেই এৰি নিদিবলৈ আৰক্ষীক অনুৰোধ জনাইছে যুৱতীগৰাকীৰ পৰিয়ালে ৷

লগতে পঢ়ক: কন্যাৰ ভৱিষ্যতক লৈ দুঃচিন্তাত এগৰাকী ভাওনা শিল্পী

Last Updated : Dec 13, 2023, 10:03 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.