কন্যাৰ ভৱিষ্যতক লৈ দুঃচিন্তাত এগৰাকী ভাওনা শিল্পী

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 10:08 PM IST

thumbnail

তেজপুৰ, ১২ ডিচেম্বৰ : তেজপুৰৰ নিকটৱৰ্তী ছিঙাচুবুৰীৰ কলাবৰী অঞ্চলৰ এটা পেটেভাতে খাই থকা পৰিয়াল ৷ বিহগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ তথা এক নম্বৰ বিহগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলটোৰ পূৰ্ণকান্ত শইকীয়া আৰু ডিম্বেশ্বৰী শইকীয়াই অবিবাহিতা ২৯ বছৰীয়া জীয়াৰীৰ সৈতে কোনোমতে অতিবাহিত কৰিছে দিনবোৰ ৷

এগৰাকী ভাওনা শিল্পী শইকীয়াই দেশৰ তদানীন্তন ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমন আৰু তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সস্মুখতো ভাওনা প্ৰদৰ্শন কৰিছিল নতুন দিল্লীত ৷ কেৱল মাত্ৰ ঘৰৰ ভেটিটো থকা এই পৰিয়ালটোৰ তিনিকন্যাৰ ভিতৰত দুগৰাকীৰ বিয়া হৈ যায় যদিও ২৯ বছৰীয়া কন্যা নীৰু শইকীয়া আছে ঘৰত ৷ মাত্ৰ আঢ়ৈ ফুট উচ্চতাৰ আৰু ১৬ কিলোগ্ৰাম ওজনৰ যুৱতীগৰাকী সম্প্ৰতি অসুস্থ ৷

নাম-গুণ গাই জীৱন অতিবাহিত কৰা পৰিয়ালটোৱে কন্যাৰ প্ৰয়োজনীয় চিকিৎসা ব্যয় কৰিবলৈও অক্ষম ৷ এতিয়ালৈকে তেওঁলোকে লাভ কৰা নাই অৰুণোদয় আঁচনি নতুবা চৰকাৰী আৱাসগৃহৰ সুবিধা ৷

ক্ৰমান্বয়ে বাৰ্ধক্যৰ দিশে আগবঢ়া পিতৃৰ মনত সেয়ে ভৱিষ্যতৰ কথাক লৈ চিন্তা ৷ শোণিতপুৰৰ আয়ুক্তক সাক্ষাৎ কৰি তেওঁৰ দুৰ্দশাৰ কথা ব্যক্ত কৰাত আয়ুক্তগৰাকীয়ে দিয়া প্ৰতিশ্ৰুতিয়েই এইগৰাকী গ্ৰাম্য শিল্পীৰ বাবে এতিয়া একমাত্ৰ ভৰসা ৷

লগতে পঢ়ক : লখিমপুৰত অগ্নিকাণ্ডত জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.