বিদ্যুতৰ খুঁটাত বাইকেৰে খুন্দা:এজন নিহত, এজন আহত

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 4:56 PM IST

thumbnail

মিৰ্জা, 1 ডিচেম্বৰ : ৰাণীত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত থিতাতে হয় এজন যুৱক, আন এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি, দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত ৰাণীত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো । পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৰ ৰাণীত পথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে দুই বাইক আৰোহী যুৱকে । ফলত দুৰ্ঘটনাটোত থিতাতে নিহত হয় প্ৰায় ২৪ বছৰীয়া যুৱক চুনু ঠাকুৰীয়া ।

আনহাতে, আনজন আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ বৰ্তমান হেলথ চিটি হস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে তেওঁ । নিহত যুৱকজনৰ মৃতদেহ পলাশবাৰী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : ৰখাই থোৱা ট্ৰাকত খুন্দিয়ালে দ্ৰুতবেগী ভানে, কেইবাজনো লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.