ETV Bharat / bharat

ৰখাই থোৱা ট্ৰাকত খুন্দিয়ালে দ্ৰুতবেগী ভানে, কেইবাজনো লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 9:34 AM IST

Updated : Dec 1, 2023, 1:55 PM IST

শোকাৱহ পথ দুৰ্ঘটনা ৷ দ্ৰুতবেগী যাত্ৰীবাহী ভানে এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ ফলত প্ৰায় 8 গৰাকী লোক নিহত হোৱাৰ 7 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে ৷ অনাগত সময়ত মৃত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷

many killed as speeding van rams into parked truck
ৰখাই থোৱা ট্ৰাকত খুন্দিয়ালে দ্ৰুতবেগী ভানে, কেইবাজনো লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ : ওড়িশাৰ কেওঝাৰ জিলাত শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ শুকুৰবাৰে পুৱতি নিশাই এখন দ্ৰুতবেগী যাত্ৰীবাহী ভানে এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ ফলত প্ৰায় 8 গৰাকী লোক নিহত হোৱাৰ 7 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে ৷ ঘাটগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বালিজোড়ী গাঁৱৰ সমীপত 20 নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছিল ৷

তথ্য অনুসৰি, কমেও 15 জন লোক ভানখনত আছিল। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ভানখন গঞ্জামৰ দিগাপাহণ্ডিৰ পৰা কেওঝাৰ জিলাৰ ঘাটাগাঁও তাৰিণী মন্দিৰ অভিমুখে আহি আছিল ৷ ইয়াৰ পিচতে ততালিকে আহতসকলক চিকিৎসাৰ বাবে ঘাটাগাঁও স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় ৷

এই দুৰ্ঘটনাৰ তথ্য পোৱাৰ পিচতে বালিজোড়ী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ যদিও দুৰ্ঘটনাটোৰ আঁৰৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অনাগত সময়ত মৃত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷

মৃতসকলক মিতা প্ৰধান, তেওঁৰ পুত্ৰ আকাশ, বোৱাৰী লিলি, অন্য এটা পৰিয়ালৰ বায়াখণ্ড গৌড়, মদন গৌড়, মমিনা গৌড়, বাবিনা গৌড় বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে এতিয়াও গৌড় পৰিয়ালৰ আন এজন মৃত সদস্যৰ নাম জানিব পৰা নাই ৷

এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মৃত লোকসকল আৰু আহতসকল ৰাজপথ ছেদেলি ভেদেলি হৈ পৰিছিল ৷ লক্ষণীয় যে, পথ দুৰ্ঘটনাৰ মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ ওড়িশা পৰিবহণ বিভাগে জিৰ’ ফেটালিটি সপ্তাহ অভিযান চলোৱাৰ প্ৰথম দিনটোতেই এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: বাৰাণসীত মাতৃৰ মৃতদেহৰ সৈতে এবছৰ কটালে দুই কন্যাই

Last Updated : Dec 1, 2023, 1:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.