Pabitra Margherita to Gaurav Gogoi: হিন্দী অথবা ভাল ইংৰাজী ক’লেই ভাল নেতা বা সমাজকৰ্মী হ’ব নোৱাৰে; পবিত্ৰ মাৰ্ঘেৰিটা

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 2:27 PM IST

thumbnail

বজালী,24 আগষ্ট: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ওভতি ধৰিলে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ পাঠশালাত উপস্থিত হৈ সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰাৰ মাজত অকাশ পাতাল পাৰ্থক্য আছে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ শক্তিশেল এৰে ৷  

‘‘ভূপেন বৰাৰ দৰে এগৰাকী ব্যক্তি কংগ্ৰেছৰ বহু বছৰৰ বাবে সভাপতি হৈ থাকক l তেনে ব্যক্তি থাকিলে আমি প্ৰচাৰ কৰাৰ দৰকাৰ নাই l তেওঁ আমাৰ প্ৰচাৰৰ কাম কৰি দিব ৷ মিঞাৰ প্ৰতি দৰদ বেছি ভূপেন বৰাৰ ৷ ভগৱানক লাভ জেহাদৰ সৈতে তুলনা কৰা ভূপেন বৰাই মিঞাৰ কাৰণে বুকুৰ বুটাম ফালি হনুমানে দৰে বুকু দেখুৱাৰ দৰে দেখুৱাব পাৰে তেনে এজন ব্যক্তিৰ কথা মই নকওঁ  ৷ ভাৰতৰ শ্ৰেষ্ঠ ৰাজনৈতিক নেতা বুলি গণ্য কৰা হয় ৷ তেনে এজন ব্যক্তিক ৰাজনৈতিক নেতালৈ ফৰ্মূটি মাৰিলে কি হ’ব !’’

আনহাতে গৌৰৱ গগৈয়ে সংসদৰ মজিয়াত ইংৰাজী আৰু হিন্দীত ভাষণ দিয়া সন্দৰ্ভত কটাক্ষ কৰি সাংসদ মাৰ্ঘেৰিটাই কয়, ’’হিন্দী অথবা ভাল ইংৰাজী ক’লেই ভাল নেতা বা সমাজকৰ্মী হ’ব নোৱাৰে ৷ গৌৰৱ গগৈয়ে  বিয়া নাম আই নাম, ধাই নাম আদিৰ বিষয়ে পাৰ্থক্য নাজানে l তেওঁ দেওধনী নৃত্য কি, দৰঙী ৰজা কোন তাকো নাজানে l তেওঁ চক্ৰধ্বজ - জয়ধ্বজ সিংহৰ নাম শুনিছে নে সন্দেহ আছে l তেওঁ নৰনাৰায়ণ অথবা প্ৰতিমা পাণ্ডেৰ বিষয়ে নাজানে  l’’ 

সাংসদ মাৰ্ঘেৰিটাই আৰু কয়, ‘‘তেওঁ কোঁচ ৰাজবংশীৰ ইতিহাস জানে নে ! অকল ইংৰাজী, হিন্দী কলেই নহ’ব l অসমত ৰাজনীতি কৰিব লাগিলে অসমৰ শিপাৰ কথা জানিব লাগিব l তেওঁ জানিব লাগিব দস্যু ভাস্কৰ কি, পাপু নিকু কি, সঁফুৰা কি, মৌচাক কি, দৈন্দদিন বুলি এটা কলম ক'ত ওলাই জানিব লাগিব l তেওঁ ভূগোল, সতী সাধিনীৰ পৰা সতী ৰাধিকা লৈকে সকলো জানিব লাগিব ৷ বজালীৰ NSUI  অথবা যুব কংগ্ৰেছৰ সভাপতি গৰাকীও গৌৰৱ গগৈতকৈ বেছি জ্ঞানী l’’

লগতে পঢ়ক: Boat race: বৰপেটাৰ তাপাৰবড়িত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.