মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলে নিজৰ ৰাজনৈতিক স্বাৰ্থত অসম ধ্বংস কৰিছে : গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 8:36 PM IST

thumbnail

ডিব্ৰুগড়, 20 নৱেম্বৰ : সাংসদ তথা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ মন্তব্য আৰু কাম-কাজ আৰু মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি ৰাখিছে ৷ বাৰে বাৰে বিৰ্তকিত মন্তব্য কৰি অৱশেষত ক্ষমা খুজিব লগা হৈছে বদৰুদ্দিন আজমলে ৷ এইবাৰ বিৰ্তকিত মন্তব্য কৰা সাংসদ বদৰুদ্দিন আজমল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷

চৰাইদেউৰ সোণাৰিত উপস্থিত হৈ সাংসদগৰাকীয়ে কয় যে, অসমৰ মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলে নিজৰ ৰাজনৈতিক স্বাৰ্থত অসম ধ্বংস কৰিছে ৷ দুয়োজনৰ মাজত ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে বুলি কৈ গৌৰৱ গগৈয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো বহু বছৰৰ পৰাই বিচাৰি আছিল বদৰুদ্দিন আজমলে ৷

সাংসদগৰাকীয়ে কয় যে, দুয়োজনে পৰিকল্পিতভাৱে সকলো কৰি আছে ৷ বদৰুদ্দিন আজমলে মঞ্চৰ পৰা চেলেং দলিয়াই দিয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজানপীৰৰ কথা পাহৰি যায় বুলি মুখ্যমন্ত্ৰীক কটাক্ষ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ 

লগতে পঢ়ক : যোৰহাটত গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচন খেলক: অখিল গগৈৰ ৰাজহুৱা প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.