ETV Bharat / international

ভাৰত বায়'টেকৰ কাৰ্যবাহী অধ্যক্ষ ড৹ কৃষ্ণ এলাক সন্মানীয় 'ডীন মেডেল' প্ৰদান - Deans Medal to Dr Krishna Ella

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 2:09 PM IST

Deans Medal to Dr. Krishna Ella : ড৹ কৃষ্ণ এলাক মেৰিলেণ্ডৰ বাল্টিমোৰত অনুষ্ঠিত ব্লুমবাৰ্গ স্কুল সমাৱৰ্তনত ডীন পদক প্ৰদান কৰা হয় । এই সন্মান গ্ৰহণ কৰি ড৹ কৃষ্ণ এলাই কয় যে এয়া হৈছে ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিৰ স্বীকৃতি ।

Deans Medal to Dr. Krishna Ella
ডঃ কৃষ্ণ এলাক সন্মান প্ৰদানৰ মুহূৰ্ত (ETV Bharat)

নিউজ ডেস্ক, ২৫ মে' : ভাৰত বায়'টেকৰ কাৰ্যবাহী অধ্যক্ষ ড৹ কৃষ্ণ এলাক আমেৰিকাৰ জনছ হপকিন্স ব্লুমবাৰ্গ স্কুল অব পাব্লিক হেল্থৰ তৰফৰ পৰা সন্মানীয় ডীন মেডেল প্ৰদান কৰা হৈছে । জনস্বাস্থ্য বিভাগত কৰা তেওঁৰ উৎকৃষ্ট কামৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছে ।

চলিত মাহৰ 22 তাৰিখে ড৹ কৃষ্ণ এলাক মেৰিলেণ্ডৰ বাল্টিমোৰত অনুষ্ঠিত ব্লুমবাৰ্গ স্কুল সমাৱৰ্তনত ডীন পদক প্ৰদান কৰা হয় । আনহাতে, এই সন্মান গ্ৰহণ কৰি ডঃ কৃষ্ণ এলাই কয় যে এয়া হৈছে ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিৰ স্বীকৃতি । তেওঁ লগতে এই পদক ভাৰত তথা দেশৰ বিজ্ঞানীসকলক উৎসৰ্গিত কৰা বুলিও ঘোষণা কৰে ।

উল্লেখ্য যে ড৹ কৃষ্ণ এলাৰ নেতৃত্বত ভাৰত বায়'টেক ইণ্টাৰনেচনেলে জৈৱ-প্ৰযুক্তি আৰু ভেকছিন আৱিষ্কাৰৰ ক্ষেত্ৰত আটাইতকৈ সক্ৰিয় কোম্পানী হৈ পৰিছে । কোম্পানীটোৱে টাইফয়েড কঞ্জুগেট ভেকছিন- টাইপবাৰ টিচিভি, ৰোটাভাইৰাছ ভেকছিন- ৰোটাভাক আৰু জাপানিজ এনকেফেলাইটিছ ভেকছিন- জেনভেকসহ 19 টা ভেকছিন প্ৰস্তুত কৰি আছে । এই ভেকছিনকেইটা হৈছে বিশ্বৰ প্ৰথম আৱিষ্কাৰ । লগতে কোম্পানীটোৱে এতিয়ালৈকে বিভিন্ন দেশলৈ ৯০০ কোটি ভেকছিনৰ পালি যোগান ধৰিছে ।

এইবোৰৰ উপৰি কোম্পানীটোৱে কোভিড-19 ৰ ভাবুকিৰ সৈতে যুঁজিবলৈ কোভাক্সিন ভেকছিনটো সম্ভৱপৰ আটাইতকৈ কম সময়ৰ ভিতৰত আনিছে । এই ভেকছিনটো কেৱল আমাৰ দেশতে নহয়, পৃথিৱীৰ বহু দেশত ব্যৱহাৰ কৰা হয় । বৰ্তমান ভাৰত বায়'টেক ইণ্টাৰনেচনেলে কলেৰা, মেলেৰিয়া, যক্ষ্মা, চিকুনগুনিয়া, জিকা আৰু অন্যান্য ৰোগৰো ভেকছিন বিকশিত কৰাৰ ওপৰত কাম কৰি আছে । আনহাতে, কোম্পানীটোৰ অধীনত 145 টা পেটেণ্ট আছে ।

লগতে পঢ়ক :ICMRৰ ৰোষত দেশৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় - ICMR Warns BHU
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.