ETV Bharat / politics

নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত উভতি ধৰিলে লালুৱে: সামাজিক মাধ্যমত প্ৰশ্নবাণ - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 3:57 PM IST

Lalu on PM Modi : প্ৰধানমন্ত্ৰীৰ বিহাৰ ভ্ৰমণৰ পূৰ্বে লালুপ্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱে তেওঁক কেইবাটাও প্ৰশ্ন কৰে । এফালে প্ৰধানমন্ত্ৰীয়ে বিহাৰত হুংকাৰ দি আছে, আনফালে লালুৱে তেওঁৰ ওপৰত প্ৰশ্নৰ বাণ নিক্ষেপ কৰিছে ।

Lalu On PM Modi
সামাজিক মাধ্যমত লালুৰ প্ৰশ্ন (ETV Bharat)

নিউজ ডেস্ক, ২৫ মে' : আৰ জে ডি প্ৰধান লালুপ্ৰসাদ যাদৱে পুনৰবাৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । এক্সত লালুপ্ৰসাদ যাদৱে পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইটামান প্ৰশ্ন সুধিছে । লগতে তেওঁ সংবাদ মাধ্যমকো সমালোচনা কৰে ।

'২ কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি কি হ'ল ?' তেওঁ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মোদীক প্ৰশ্ন কৰে । লগতে লিখিছে, সাংবাদিকসকলে নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ লৈ আছে, কিন্তু কোনেও সাংবাদিকতাৰ কৰ্তব্য পালন কৰা নাই । ভয়ত কোনেও প্ৰধানমন্ত্ৰীক সোধা নাই, "আপুনি বছৰি 2 কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিৰ কি হ'ল ? কিহৰ ভিত্তিত আপুনি সেই প্ৰতিশ্ৰুতি দিছিল ?"

লালুৱে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে, "আপুনি কৈছিল যে লাখ লাখ কোটি ক'লাধন বিদেশত আছে, সকলোৰে একাউণ্টত ১৫-১৫ লাখ টকাকৈ এনেয়ে আহিব । কিন্তু সেয়া কিয় অহা নাই ? কোনো সাংবাদিকে এইটো কথা সুধিছেনে ? আপুনি গঙ্গা পৰিষ্কাৰ কৰাৰ কথা কৈছিল ? তাৰ কি হ'ল ? বৰঞ্চ গংগা মা পূৰ্বৰ তুলনাত অধিক দূষিত হৈছে । কোনো সাংবাদিকে কিয় সোধা নাই ?"

লালুৱে মোদীক ৮ টা প্ৰশ্ন সুধিছে । পূৰ্বতে দেশত কিমান ঋণ আছিল আৰু এতিয়া কিমান ? তেওঁলোকে ১০ বছৰত ঋণ চাৰিগুণ কিয় বৃদ্ধি কৰিলে ? তেওঁলোকে পুঁজিপতিৰ ২৫ লাখ কোটি টকা কিয় মাফ কৰিলে ? কোনেও বিমুদ্ৰাকৰণৰ কথা উল্লেখ কৰা নাই কিয় ? ইয়াৰ লাভালাভ বিচৰা নাই কিয় ? তেওঁৰ কাৰ্যকালত অভিলেখ ভংগকাৰী মুদ্ৰাস্ফীতি আৰু নিবনুৱাৰ সংখ্যা কিয় বৃদ্ধি পাইছে ?

তেওঁ লগতে কয় যে এয়া কোনো সাক্ষাৎকাৰ নহয়, ই হৈছে এখন চিত্ৰনাট্য । প্ৰশ্ন এটা সোধাৰ পূৰ্বে সাংবাদিকসকলে 3 মিনিটমান তেওঁৰ তৈলমৰ্দন কৰে । তাৰ পিছতহে সেপ ঢুকি ঢুকি প্ৰশ্ন এটা সোধে । ইমান বেছিও হ'ব নালাগে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিটো বিহাৰ ভ্ৰমণৰ পূৰ্বে লালুপ্ৰসাদ যাদৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লয় । আনহাতে, মোদীয়েও নিৰ্বাচনী সভাত ইয়াৰ উত্তৰ দিয়ে । শনিবাৰে নৰেন্দ্ৰ মোদীৰ বিহাৰত তিনিখন নিৰ্বাচনী জনসভা আছে । তেওঁ বাক্সাৰ, কাৰাকাট আৰু বিক্ৰমত নিৰ্বাচনী সভা সম্বোধন কৰিছে । প্ৰতিখন নিৰ্বাচনী সভাতে প্ৰধানমন্ত্ৰীয়ে লালুপ্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালক লক্ষ্য কৰি লৈছে ।

লগতে পঢ়ক :ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ছোনিয়া-প্ৰিয়ংকা, ৰাহুল, কেজৰিৱালকে ধৰি বহুতে সাব্যস্ত কৰে ভোটাধিকাৰ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.