ETV Bharat / state

নেতা-মন্ত্ৰীসকলে আহোম জনগোষ্ঠীক কেৱল ট্ৰাম্প কাৰ্ড হিচাপেহে ব্যৱহাৰ কৰি আহিছে : আটাছু - All Tai Ahom Students Union

ATASU Oath Taking Ceremony : আটাছুৰ নৱ-নিৰ্বাচিত গোলাঘাট জিলা সমিতিৰ শপত গ্ৰহণ আৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে জনপ্ৰতিনিধিৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ । আন্দোলনৰ কাৰ্যসূচী ঘোষণা ।

ATASU Oath Taking Ceremony
সদৌ টাই আহোম ছাত্ৰ সন্থা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 17, 2024 at 8:20 AM IST

|

Updated : June 17, 2024 at 8:56 AM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট, ১৭ জুন : "ৰাজনৈতিক নেতা, মন্ত্ৰীসকলে আহোম জনগোষ্ঠীৰ বাবে একো কৰা নাই । ৰাজনৈতিক পথাৰখনত আহোম জনগোষ্ঠীটোক কেৱল ট্ৰাম্প কাৰ্ড হিচাপেহে ব্যৱহাৰ কৰি আহিছে ।‌" এই মন্তব্য় আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ ।

সদৌ টাই আহোম ছাত্ৰ সন্থা (ETV BHARAT ASSAM)

দেওবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত গোলাঘাট জিলা সমিতিৰ শপত গ্ৰহণ আৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি আটাছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে পুনৰ কয়, "যেতিয়াই ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হয়; মন্ত্ৰী, বিধায়ক হয়গৈ, তেতিয়া আহোম জনগোষ্ঠীৰ উত্তৰণ আৰু বিকাশৰ বাবে চূড়ান্তভাৱে পিঠি দিয়ে ।"

আটাছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জ্যোতিপ্ৰসাদ গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সভাপতিগৰাকীয়ে লগতে কয়, "আহোম জনগোষ্ঠীৰ পবিত্ৰ মাৰ্ঘেৰিটাই কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰিছে আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে । আগন্তুক সময়ত এই দুগৰাকী নেতাই সদনৰ মজিয়াত আহোম জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেনেদৰে সৰৱ হয়, উত্তৰণৰ বাবে কেনে ভূমিকা গ্ৰহণ কৰে আমি দৃষ্টি নিৱদ্ধ ৰাখিম ।"

ইপিনে,আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগঠনটোৱে গ্ৰহণ কৰা এলানি আন্দোলনৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অহা ১৮ জুনত গুৱাহাটীত গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব । তদুপৰি অহা ২১ জুনত শিৱসাগৰত বাইক ৰেলী, ৬ ছেপ্তেম্বৰত নতুন দিল্লীত জনজাতিকৰণৰ দাবীত আটাছুয়ে গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ।

এই অনুষ্ঠানত শপত বাক্য পাঠ কৰোৱায় আটাছুৰ জিলা সমিতিৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাই । আটাছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কুমুদ গগৈ, কেন্দ্ৰীয় বিষয়ববীয়া কৃষ্ণ বৰুৱা, বিশিষ্ট শিক্ষাবিদ, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য ড৹ বন্তিৰাণী গগৈ ফুকন, কণ্ঠশিল্পী মণ্টুমণি গোহাঁই, অতুল গগৈ, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি জিতুল ৰাজখোৱা, চুতীয়া জাতি ছাত্ৰ সন্থা, গোলাঘাট জিলা সমিতিৰ সভাপতি পাপু চুতীয়া, জিলা ক্ৰীড়া বিষয়া বিমল গগৈ, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নিপন গগৈ,অধিবক্তা প্ৰাঞ্জল গগৈ আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

উক্ত অনুষ্ঠানতে সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা আহোম জনগোষ্ঠীৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক:অসমীয়া জাতীয়তাবাদৰ কাঠামো সম্পূৰ্ণৰূপে ভাঙি পেলাইছে চৰকাৰে : আটাছু - ATASU PRESS MEET

পংখী সন্দিকৈৰ মৃত্য়ু সন্দৰ্ভত সুশান্ত বৰগোহাঁইয়ে কৰা মন্তব্য়ত উভতি ধৰিলে আটাছুৱে - Mysterious death of Pankhi Handique

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত আটাছুৰ প্ৰতিবাদ

Last Updated : June 17, 2024 at 8:56 AM IST