ETV Bharat / bharat

গুগল মেপেই কাল হ'ল এটা পৰ্যটকৰ দলৰ ! - Tourists car accident

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 2:29 PM IST

Tourists car accident: গুগল মেপৰ নিৰ্দেশনা অনুসৰণ কৰি বিভিন্নজনে বহু সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে । কেৰালাত তেনে এক ঘটনা সংঘটিত হ'ল । গুগল মেপ চাই গৈ থাকোতে পানীত পৰিলে পৰ্যটকৰ বাহন ।

Tourists car accident
গুগল মেপেই কাল হ'ল এটা পৰ্যটকৰ দলৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৫ মে' : কেৰালাত ভয়ংকৰ দুৰ্ঘটনা । পৰ্যটকৰ এখন বাহন দুৰ্ঘটনাত পতিত । পানীত ডুব গ'ল পৰ্যটকৰ বাহনখন । কথমপি প্ৰাণ ৰক্ষা পৰ্যটকসকলৰ । আৰক্ষীয়ে জনোৱা মতে শুকুৰবাৰে নিশা কেইগৰাকীমান পৰ্যটকে গুগল মেপ ব্যৱহাৰ কৰি বাহন চলাই আছিল । হায়দৰাবাদৰ পৰ্যটকৰ দলটোৱে দক্ষিণ কেৰালা জিলাৰ কুৰুপ্পন্তৰাৰ ওচৰত জলাশয়ত দুৰ্ঘটনাত পতিত হয় । এগৰাকী মহিলাসহ চাৰিজনীয়া পৰ্যটকৰ দলটোৱে আলাপুঝাৰ অভিমুখে গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় ৷

জানিব পৰা মতে ধাৰাসাৰ বৰষুণৰ বাবে তেওঁলোকে যাত্ৰা কৰি থকা পথটো পানীৰে ভৰি আছিল । যিহেতু পৰ্যটকসকল অঞ্চলটোৰ সৈতে অপৰিচিত আছিল । সেয়েহে তেওঁলোকে গুগল মেপ ব্যৱহাৰ কৰি যাত্ৰা কৰি আছিল । কিন্তু সেই সময়তে তেওঁলোকে বাহনখন ভুলবশত: জলাশয়লৈ লৈ যায় । অৱশেষত বাহনখনত জলাশয়ত ডুব যায় ।

অৱশ্যে সঠিক সময়ত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত পৰ্যটকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু তেওঁলোকৰ বাহনখন পানীত সম্পূৰ্ণৰূপে ডুব যায় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । আচলতে এয়া গুগল মেপৰ ভুল নিৰ্দেশনা নে আন কাৰণত দুৰ্ঘটনাটো সংঘটিত হৈছে সেয়া আৰক্ষীৰ তদন্তত জানিব পৰা যাব ।

কাদুথুৰুথি আৰক্ষী থানাৰ এগৰাকী বিষয়াই কোৱা মতে পানীৰ পৰা বাহনখন উলিয়াই অনাৰ বাবে প্ৰচেষ্টা চলি আছে । লক্ষণীয়ভাৱে কেৰালাত এনেধৰণৰ ঘটনা প্ৰথম নহয় । যোৱা বছৰ অক্টোবৰত গুগল মেপত নিৰ্দেশনা অনুসৰণ কৰি নৈত বাগৰি পৰিছিল এখন বাহন । য'ত দুগৰাকী যুৱ চিকিৎসকৰ মৃত্যু হৈছিল । ঘটনাটোৰ পিচতে কেৰালা আৰক্ষীয়ে বাৰিষাৰ সময়চোৱাত গুগল মেপ ব্যৱহাৰ কৰাৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছিল ।

লগতে পঢ়ক :পুনে প’ৰ্ছে দুৰ্ঘটনা: অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ হ’ল কিশোৰৰ ককাক - Pune Porsche Case
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.