ETV Bharat / bharat

পুনে প’ৰ্ছে দুৰ্ঘটনা: অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ হ’ল কিশোৰৰ ককাক - Pune Porsche case

author img

By ANI

Published : May 25, 2024, 1:15 PM IST

Pune Porsche Accident : পুনেৰ শেহতীয়া হিট্ এণ্ড ৰাণ ঘটনাৰ বাবে অভিযুক্ত কিশোৰৰ ককাকক গ্ৰেপ্তাৰ কৰে পুনে আৰক্ষীয়ে ৷ হিট্ এণ্ড ৰাণ ঘটনাৰ সমস্ত দোষ মূৰ পাতি ল’বৰ বাবে অভিযুক্তৰ ককাকে বলপূৰ্বকভাৱে তেওঁলোকৰ চালকজনক বাংলোলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে । অভিযোগ অনুসৰি অভিযুক্ত কিশোৰৰ ককাক আৰু পিতৃয়ে চালকজনক বিলাসী পৰ্ছে গাড়ী দুৰ্ঘটনাৰ বাবে দোষৰ ভাৰ ল’বলৈ হেঁচা প্ৰয়োগ কৰিছে ।

Pune Porsche case: Grandfather of minor arrested on charges of kidnapping, wrongful confinement of driver
পুনে প’ৰ্ছে দুৰ্ঘটনা: অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ হ’ল কিশোৰৰ ককাক (Etv bharat assam)

নেশ্যনেল ডেস্ক, 25 মে’: শনিবাৰৰ মাজনিশা এজন কিশোৰৰ বিলাসী বাহনৰ খুন্দাত দুগৰাকীকৈ লোকে থিতাতে প্ৰাণ হেৰুওৱা ঘটনাৰ তদন্ত অব্যাহত আছে শেহতীয়াকৈ পুনে আৰক্ষীৰ অপৰাধ শাখাই উক্ত ঘটনা সন্দৰ্ভত অভিযুক্ত কিশোৰজনৰ ককাকক গ্ৰেপ্তাৰ কৰে ৷

Pune Porsche Accident
অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ হ’ল কিশোৰৰ ককাক (ETV Bharat)

ককাকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ:

উল্লেখ কৰা প্ৰয়োজন যে নিচাসক্ত অৱস্থাত বিলাসী বাহন প’ৰ্চে চলাই ধৃত ককাজনৰ নাতিনীয়েকে নিমিষতে প্ৰাণ কাঢ়ি নিছিল দুজনকৈ যুৱ চফটৱেৰ ইঞ্জিনিয়াৰৰ । কিন্তু অভিযোগ অনুসৰি নাবালক নাতিৰ পৰিৱৰ্তে অপৰাধৰ দায়িত্ব ল’বলৈ তেওঁলোকৰ চালকজনক বাধ্য কৰোৱা বুলি তথা ভাবুকি প্ৰদান কৰি বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে ধৃত ককাকজনৰ বিৰুদ্ধে । ইতিমধ্যে এই গোচৰ সন্দৰ্ভত 7 জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে অভিযুক্ত কিশোৰজনক এটা পৰ্যবেক্ষণ গৃহত আৱদ্ধ কৰি ৰখা হৈছে ।

অপৰাধ শাখাৰ বিষয়াসকলে বৃহস্পতিবাৰে ককাজনক আটক কৰি গোচৰৰ বিভিন্ন দিশ সন্দৰ্ভত জেৰা কৰা বুলি জানিবলৈ দিয়ে । তদন্তকাৰী বিষয়াসকলে ককাৰ বক্তব্য লিপিৱদ্ধ কৰি চালকজনৰ সৈতে মুখামুখিকৈ কথা পাতি সমগ্ৰ পৰিঘটনাটো গমি-পিটি লক্ষ্য কৰে ৷ সহকাৰী আৰক্ষী আয়ুক্ত (অপৰাধ) সুনীল টাম্বেই গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত কৰি দিনটোৰ ভিতৰতেই বিশদ বিবৃতি জাৰি কৰা হ’ব বুলি কৈছিল । ককাজন ৰিয়েল এষ্টেট ফাৰ্মৰ চিএমডি ৷

14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অভিযুক্তৰ পিতৃক :

পুনে আৰক্ষীয়ে পূৰ্বৰ নিৰ্দেশ সংশোধন কৰিবলৈ কৰা অনুৰোধৰ পিছত জুভেনাইল জাষ্টিচ ব’ৰ্ডে কিশোৰজনক 5 জুনলৈকে 14 দিনৰ বাবে নেহৰু উদ্যোগ কেন্দ্ৰ পৰ্যবেক্ষণ গৃহলৈ প্ৰেৰণ কৰে । নাবালকজনক ড্ৰাইভিং লাইচেন্স, পঞ্জীয়ন বা নম্বৰ প্লেট অবিহনে ছুপাৰকাৰখন চলাবলৈ দিয়াৰ অভিযোগত আৰু নাবালকজনক মদ্যপান কৰিবলৈ সন্মতি দিয়াৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ হোৱা নাবালকজনৰ পিতৃক বৰ্তমান জিলা আদালতৰ পিছত য়েৰাৱাডা কেন্দ্ৰীয় কাৰাগাৰত দাখিল কৰা হৈছে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

অভিযুক্ত নাবালকজনে পৰ্ছে স্প’ৰ্টছ গাড়ীখনেৰে মহতিওৱা মটৰচাইকেল আৰোহী দুজন চফটৱেৰ ইঞ্জিনিয়াৰ অনিশ আৱাধিয়া (24) আৰু অশ্বিনী কোষ্টা (24) বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: হিট্ এণ্ড ৰাণ: নাবালকৰ গাড়ীৰ খুন্দাত নিহত প্ৰেমিক-প্ৰেমিকা; ৰাজ্যৰ ৰাজনীতি গৰম কৰিছে এই দুঘৰ্টনাই - Pune Porsche Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.