ETV Bharat / health

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ম্যাদ আমি কিমানে পৰীক্ষা কৰো ! চিন্তনীয় - Expiration Dates of Household item

author img

By ETV Bharat Health Team

Published : May 25, 2024, 2:15 PM IST

EXPIRATION DATES : আমাৰ ঘৰত এনে বহুতো বস্তু আছে, যিবোৰ মানুহে বহুদিনলৈ ব্যৱহাৰ কৰি থাকে, অথচ আমি এবাৰ ভাবিও নাচাও যে এই সামগ্ৰীৰো ম্যাদ উকলিব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ কিমান ক্ষতি হ’ব পাৰে কেতিয়াবা ভাবি চাইছেনে ? আজি এই বিষয়ে জানো আহক-

People do not pay attention to the expiry of these household items
নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ম্যাদ আমি কিমানে পৰীক্ষা কৰো! চিন্তনীয় (FREEPIK)

ম্যাদ উকলি যোৱা... আমি তেতিয়াহে ভালদৰে চাও যেতিয়া আমি ঔষধ খাও ৷ ইয়াৰ বাহিৰেও বজাৰত পেকেটত ভৰোৱা কিছুমান খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ সময়ত মানুহে ম্যাদ উকলি যোৱাৰ তাৰিখ পৰীক্ষা কৰে ৷ কিন্তু ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে ৷ আপোনাৰ ঘৰত এনে বহু বস্তু ব্যৱহাৰ কৰা হয়, মানুহে ইয়াৰ ম্যাদ উকলি যোৱা তাৰিখৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু বহুদিন ব্যৱহাৰ কৰি থাকে ৷ যাৰ বাবে এইবোৰ বস্তুত বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে, যিয়ে মানুহক অসুস্থ কৰি তোলে ৷

দৈনন্দিন জীৱনত এনে বহু বস্তু আছে, যিবোৰ আমি বহুদিন ব্যৱহাৰ কৰি থাকো, কিন্তু সেই বস্তুটো ভাঙি যোৱালৈকে আমি লক্ষ্যও নকৰো যে ইয়াৰ ম্যাদ উকলি যোৱাৰ তাৰিখো থাকিব পাৰে ৷ সময়ে সময়ে এইবোৰ সলনি কৰি থকাটো অতি প্ৰয়োজনীয় ৷

আপুনি কিমান দিনৰ মূৰে মূৰে গাৰু সলনি কৰে ?

গাৰু এনেকুৱা বস্তু যিটো আপুনি দৈনিক ব্যৱহাৰ কৰে, কিন্তু বেছিভাগ মানুহেই কেৱল গাৰুৰ কভাৰটোহে চাফা কৰে বা সলনি কৰে ৷ কিন্তু আপুনি জানেনে যদি আমি একেটা গাৰুকে দীৰ্ঘদিনলৈ ব্যৱহাৰ কৰো তাত ধূলি আৰু মলিৰ বাবে বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ বাবে চুলি সৰা, মুখত ব্ৰণ, শালমন আদি সমস্যা হ’বলৈ আৰম্ভ কৰে ৷

ইয়াৰ বাহিৰেও স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও ই ভাল নহয় ৷ গাৰুটো সময়ে সময়ে সূৰ্যৰ পোহৰত ৰাখক ইয়াৰ ফলত আপুনি স্পণ্ডাইলাইটিছৰ দৰে সমস্যাৰ পৰাও হাত সাৰি থাকিব পাৰে ৷ আপুনি শোৱা গাৰুটো এবছৰৰ পৰা ডেৰ বছৰৰ পিছত সলনি কৰিব লাগে ৷

মেকআপ ব্ৰাছ

বেছিভাগ মহিলাই দীৰ্ঘদিন ধৰি একেডাল মেকআপ ব্ৰাছ মুখত ব্যৱহাৰ কৰি থাকে ৷ ইয়াত আটাইতকৈ ডাঙৰ ভুলটো হ’ল ব্ৰাছ ব্যৱহাৰ কৰাৰ পিছত চাফা নকৰা বা আনৰ লগত শ্বেয়াৰ কৰা ৷ ইয়াৰ বাবে ছালৰ সমস্যা আৰু সংক্ৰমণৰ লগতে চকু আৰু স্বাস্থ্যৰ ক্ষতিও হ’ব পাৰে ৷

কিমান দিনৰ পাচত টুথব্ৰাছ সলনি কৰিব লাগে ?

আপুনি কেতিয়াবা ভাবি চাইছে নে যে আপুনি আপোনাৰ টুথব্ৰাছ কিমান দিনৰ মূৰত সলনি কৰে বা আপুনি একেডাল টুথব্ৰাছ তেতিয়ালৈকে ব্যৱহাৰ কৰি থাকে, যেতিয়ালৈকে আপুনি অনুভৱ নকৰে যে ই বেয়া হৈ নাযায় ৷ আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিও যে প্ৰতি তিনিমাহৰ মূৰে মূৰে আপোনাৰ টুথব্ৰাছ সলনি কৰিব লাগে ৷

বাচন ধোৱা স্পঞ্জ

মানুহে স্পঞ্জ বা স্ক্ৰাবাৰটো বাচন-বৰ্তন ধোৱাৰ বাবে ব্যৱহাৰ কৰি থাকে যেতিয়ালৈকে ই সম্পূৰ্ণৰূপে নষ্ট হৈ নাযায় ৷ স্ক্রাবাৰত বহু বেক্টেৰিয়া হোৱাৰ আশংকা থাকে আৰু এই বেক্টেৰিয়াই বাচন-বৰ্তনৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি আপোনাক অসুস্থ কৰি তুলিব পাৰে, সেয়েহে দুমাহৰ মূৰে মূৰে ইয়াক সলনি কৰিব লাগে ৷

কিমান দিন ফণি ব্যৱহাৰ কৰে ?

আপুনি কিমান সঘনাই আপোনাৰ ফণি সলনি কৰে ? এই প্ৰশ্নৰ সঠিক উত্তৰ প্ৰায়েই কোনেও দিব নোৱাৰে ৷ একেখন ফণি বহুদিন ব্যৱহাৰ কৰিলে বা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত মূৰৰ ছালৰ ক্ষতি হ’ব পাৰে আৰু বেক্টেৰিয়াৰ সংক্ৰমণ আৰু চুলি সৰাৰ সম্ভাৱনা বৃদ্ধি পায় ৷

লগতে পঢ়ক: এলুমিনিয়াম ফয়েল এতিয়াৰ পৰা পেলাই দিয়াৰ পৰিৱৰ্তে এনেদৰে ব্যৱহাৰ কৰক - Alluminium Foil Usage
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.