ETV Bharat / state

যোৰহাটত গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচন খেলক: অখিল গগৈৰ ৰাজহুৱা প্ৰস্তাৱ

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 6:09 PM IST

যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক প্ৰাৰ্থীৰূপে বিচাৰে অখিল গগৈয়ে। কংগ্ৰেছে গৌৰৱক যোৰহাটৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিলে সমস্ত দায়িত্ব ল’বলৈ সাজু অখিল গগৈ আৰু ৰাইজৰ দল- শিৱসাগৰত ঘোষণা অখিল গগৈৰ ।

MLA Akhil Gogoi
শিৱসাগৰত অখিল গগৈ

লোকসভা নিৰ্বাচনক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 20 নৱেম্বৰ : যোৰহাটত গৌৰৱ গগৈৰ প্ৰাৰ্থিত্বৰ প্ৰস্তাৱ অখিল গগৈৰ ৷ ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে বিচাৰিছে এইবাৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে নিৰ্বাচন খেলক যোৰহাট লোকসভা সমষ্টিত ৷ কাজিৰঙা অথবা নগাঁও লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে নিৰ্বাচন খেলাক লৈ জল্পনা-কল্পনা চলি থাকিলেও, কংগ্ৰেছে যোৰহাটত গৌৰৱ গগৈক প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰাটো বিচাৰিছে অখিল গগৈয়ে ৷

সোমবাৰে ৰাজহুৱাভাৱে এই স্পষ্ট প্ৰস্তাৱ আগবঢ়াইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ সোমবাৰৰ পৰা শিৱসাগৰৰ ৰংঘৰৰ বাকৰিৰ পৰা আৰম্ভ হৈছে ৰাইজৰ দলৰ গণ জাগৰণ যাত্ৰা ৷ এই যাত্ৰাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈৰ মন্তব্য –“ যদি সঁচাকৈয়ে অসমৰ ৰাজনীতিৰ পট পৰিৱৰ্তন কৰিব লাগে, সঁচা-সঁচিকৈ জনতাৰ মাজত ৰাজনৈতিক জাগৰণ আনিব লাগে তেন্তে আমি এনেকুৱা ঠাইত এনে প্ৰাৰ্থী দিব লাগে য’ত তেওঁ জিকাটো নিশ্চিত হয় ৷ আজি যোৰহাট লোকসভা সমষ্টিত যদি ৰাইজৰ দলে প্ৰতিদন্দ্বিতা কৰিলেহেঁতেন আমি নিশ্চিতভাৱে ইয়াত জয়ী হ’ব পাৰিলোহেঁতেন ৷ কিন্তু আমি প্ৰতিদন্দ্বিতা নকৰো ৷ আমি যোৰহাটত প্ৰাৰ্থীৰূপে বিচাৰিছো গৌৰৱ গগৈক ৷ যদি যোৰহাটত গৌৰৱ গগৈক নিদি কংগ্ৰেছ দলে আন কাৰোবাক বহুৱাই দিয়ে তেন্তে বিজেপিক সহায় কৰা হ’ব ৷”

কংগ্ৰেছ দলে যোৰহাটত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিলে ৰাইজৰ দলে দেহেকেহে লাগিব বুলি প্ৰতিশ্ৰুতি অখিল গগৈৰ ৷ অখিল গগৈৰ স্পষ্ট মন্তব্য—“আমি ৰাইজৰ দলে গৌৰৱ গগৈক যোৰহাটৰ প্ৰাৰ্থিত্ব দিয়াটো বিচাৰো ৷ যদিহে কংগ্ৰেছ দলে গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়ে তেন্তে আমি ৰাইজৰ দলে যি কৰিব লাগে সমস্ত কৰিবলৈ সাজু আছো ৷” কেৱল যোৰহাটতে নহয়, যদিহে অসমত এক ৰাজনৈতিক জাগৰণ আনিব বিচাৰে তেন্তে লখিমপুৰ আৰু ডিব্ৰুগড়তো একোজন শক্তিশালী প্ৰাৰ্থী দিয়াটো বিচাৰে অখিল গগৈয়ে ৷ অখিল গগৈৰ বিশ্বাস ঐক্যবদ্ধ হৈ আটাইবোৰ ৰাজনৈতিক দল ওলাই আহিলেহে বিজেপিৰ পৰাভূত কৰাটো সম্ভৱপৰ হ’ব ৷

লগতে পঢ়ক : জয়ন্তমল্লক কি প্ৰতুত্তৰ দিলে অজাপৰ লুৰীণজ্যোতি গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.