জয়ন্তমল্লক কি প্ৰতুত্তৰ দিলে অজাপৰ লুৰীণজ্যোতি গগৈয়ে ?

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 2:27 PM IST

thumbnail

ডিব্ৰুগড়, 20 নৱেম্বৰ : লোকসভা নিবাৰ্চন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত পৰিলক্ষিত হৈছে ৰাজনৈতিক নেতাৰ বাক যুদ্ধ ৷ দুটা দিনৰ পূৰ্বে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বিৰোধী ঐক্য মঞ্চত থকা দলসমূহক আত্মসহায়ক গোট বুলি কৈ তীব্ৰ সমালোচনা কৰিছিল । মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আগবঢ়োৱা এই মন্তব্য সন্দৰ্ভত প্ৰতুত্তৰ আগবঢ়াইছে অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে ৷

গগৈয়ে কয়, "অলপ দিন অপেক্ষা কৰিলে জাতীয় পৰিষদ কি বুজি পাব মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ শাসক দল বিজেপিৰ নেতা-মন্ত্ৰী, বিধায়কৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে গঠন হোৱা বিৰোধী ঐক্য মঞ্চ । বিজেপি জন্ম যেতিয়া হৈছিল, তেতিয়া বিজেপিৰ টিকট দিবলৈ গ'লে মানুহে পিছ দুৱাৰ খুলি পলাইছিল । বিজেপিৰ অৱস্থা তেনেকুৱা আছিল । আমি প্ৰথমবাৰ সক্ৰিয় ৰাজনীতিলৈ আহিয়েই 100 দিনৰ ভিতৰত নিৰ্বাচন খেলি চাৰে সাতলাখ ভোট পাইছো । অলপ দিন অপেক্ষা কৰক জয়ন্তমল্ল বৰুৱাই বুজি পাব জাতীয় পৰিষদ কি’’ ।

লগতে পঢ়ক:   খোৱাঙত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.