ETV Bharat / state

খোৱাঙত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 12:18 PM IST

ডিব্ৰুগড়ৰ খোৱাঙত প্ৰকৃত হিতাধিকাৰীয়ে নাপায় চৰকাৰী আৱাস গৃহ, শৌচাগাৰ কিম্বা চৰকাৰৰ বহু আঁচনিৰ সুবিধা ৷ এই অভিযোগ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত খোৱাঙৰ একাংশ হিতাধিকাৰীৰ (Deprived from govt scheme) ৷

Deprived of govt scheme
চৰকাৰী সুবিধাৰ পৰা বঞ্চিত খোৱাঙৰ একাংশ হিতাধিকাৰী

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত খোৱাঙৰ একাংশ হিতাধিকাৰী

ডিব্ৰুগড়, 18 নৱেম্বৰ : দেশৰ ভিতৰত পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এখনৰ পাচত আন এখন অভিলাসী আঁচনি । যি আঁচনি ৰূপায়ণ কৰি একপ্ৰকাৰ উন্নয়নৰ ৰঙীণ বিজ্ঞাপন প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে । কিন্তু চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ সুবিধা পাইছে নে প্ৰকৃত হিতাধিকাৰীয়ে ? চৰকাৰে উন্নয়নৰ কথা কৈ থকা সময়ত মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ চাৰিটাকৈ পৰিয়াল ক্ষোভিত হৈ পৰিছে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ।

খোৱাং গাঁও পঞ্চায়তৰ অধীনৰ সোণোৱাল বঙালী গাঁৱৰ প্ৰমিলা দাস, লক্ষেশ্বৰী গাংগুলি, ভোগেশ্বৰী দাস, ললিতা দাসে এক প্ৰকাৰৰ ক্ষোভ উজাৰিছে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে । দিন হাজিৰা কৰি পৰিয়াল চলাই নিয়া দৰিদ্ৰ পৰিয়ালকেইটাই পোৱা নাই চৰকাৰী আৱাস গৃহ । ফুটা টিনপাতৰ তলত বৰষুণৰ সৈতে সহৱস্থান কৰা পৰিয়ালকেইটাই পঞ্চায়ত প্ৰতিনিধিক কাকুতি মিনতি কৰিও কোনো ফল নোপোৱাত কাষ চাপিছে সংবাদ মাধ্যমৰ ।

দৰিদ্ৰ পৰিয়ালকেইটাৰ ক্ষোভ- দিন হাজিৰা কৰি খাওঁ, বিজেপিৰ মিটিঙলৈও যাওঁ‌, ভোটো দিওঁ । কিন্তু আমাক একো নিদিয়ে । ইয়াৰে প্ৰমীলা দাস নামৰ বিধৱা মহিলাগৰাকীৰ আকৌ শৌচাগাৰো নাই । সেয়ে পুৱাই দৌৰিব লগা হয় হাবিলৈ । দৰিদ্ৰ লোকৰ কাষত থকা চৰকাৰ বুলি ৰঙীণ বিজ্ঞাপন প্ৰকাশ কৰা বিজেপি চৰকাৰৰ প্ৰতিনিধিসকলৰ দৃষ্টিত এই সকল দৰিদ্ৰ লোক কিয় এলাগী তাক লৈহে উঠিছে প্ৰশ্ন ।

খবৰ অনুসৰি উক্ত অঞ্চলৰ পঞ্চায়ত প্ৰতিনিধিগৰাকীয়ে নিজেই ঠিকাদাৰ হৈ পঞ্চায়তৰ সকলো আঁচনিৰ কাম কৰাত ব্যস্ত । ফলত প্ৰকৃত হিতাধিকাৰীসকল বঞ্চিত হৈছে আঁচনিৰ সুবিধাৰ পৰা ।

লগতে পঢ়ক : ডুমডুমা বন সংমণ্ডল বনাঞ্চলত বন ধ্বংসযজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.