Dead body recovered: বন্ধ কোঠাৰ ভিতৰত মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 2:09 PM IST

thumbnail

মঙলদৈ, 13 অক্টোবৰ : দৰং জিলাৰ মঙলদৈত শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ বন্ধ কোঠাৰ পৰা উদ্ধাৰ মাতৃ আৰু পুত্ৰৰ মৃতদেহ ৷ মৃত দুয়োগৰাকী 75 বছৰীয়া মাতৃ দুৰ্গেশ্বৰী দেৱী আৰু 55 বছৰীয়া পুত্ৰ বিৰাজ শৰ্মা বুলি জানিব পৰা গৈছে ৷ পুত্ৰ বিৰাজ শৰ্মাৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে মাতৃ দুৰ্গেশ্বৰী দেৱীক শোৱনি কোঠাৰ বিচনাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত দণ্ডাধীশ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ ইতিমধ্যে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

স্থানীয় লোকে কোৱা অনুসৰি মহিলাগৰাকী দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল ৷ তেওঁলোকৰ কণিষ্ঠ সন্তান গুৱাহাটীত বাস কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে কণিষ্ঠ সন্তানটিক খবৰ দিয়াত তেওঁ ঘৰ অভিমুখে ৰাওনা হৈছে ৷

এতিয়ালৈ মাতৃ আৰু পুত্ৰৰ কি কাৰণত মৃত্যু হৈছে সেয়া জানিব পৰা হোৱা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ পিচতহে পোহৰলৈ আহিব মৃত্যুৰ আঁৰৰ ৰহস্য ৷

লগতে পঢ়ক: Fraud with help of MakeMy Trip App : মেক মাই ট্ৰিপ এপৰ নামত যুৱকৰ পৰা ৭ লাখ টকা লুণ্ঠন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.