ETV Bharat / bharat

Fraud with help of MakeMy Trip App : মেক মাই ট্ৰিপ এপৰ নামত যুৱকৰ পৰা ৭ লাখ টকা লুণ্ঠন

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 1:11 PM IST

মেক মাই ট্ৰিপৰ এপৰ জৰিয়তে টেক্সি বুক কৰিছিল যুৱকজনে । টেক্সিৰ বুকিং বাতিল কৰা হৈছে বুলি ফোন কৰি যুৱকজনৰ পৰা ৭ মিনিটৰ ভিতৰতে লুটি নিলে ৭ লাখ টকা ।

Fraud with help of MakeMy Trip App
মেক মাই ট্ৰিপ এপৰ নামত যুৱকৰ পৰা ৭ লাখ টকা লুণ্ঠন

নেশ্যনেল ডেস্ক,১৩ অক্টোবৰ : প্ৰতিদিনে দেশত চাইবাৰ অপৰাধীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । নতুন নতুন কৌশল অৱলম্বন কৰি বিভিন্নজনক লুটিছে । এইবাৰ 'মেক মাই ট্ৰিপ' নামৰ এপৰ নাম লৈ যুৱকক ৭ লাখ টকাৰ লুণ্ঠন । ঘটনা সন্দৰ্ভত লক্ষ্ণৌৰ চাইবাৰ অপৰাধ আৰক্ষী থানাত গোচৰ ৰুজু ।

ঘটনাতো উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে । এজন যুৱকে তেওঁৰ পৰিয়ালৰ সৈতে হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব বিচাৰিছিল । যাৰ বাবে মেক মাই ট্ৰিপ এপত পালমপুৰলৈ এখন টেক্সি বুক কৰিছিল । ৫ দিনৰ পাছত তেওঁলৈ এটা ফোন আহিল আৰু ক'লে যে তেওঁৰ টেক্সিখন বাতিল কৰা হৈছে । তেতিয়া যুৱকজনে পৰিশোধ কৰা ধন খিনি ওভতাই বিচাৰিলে । কিন্তু ধন ওভতাই পোৱাৰ পৰিৱৰ্তে চাইবাৰ প্ৰৱঞ্চকে মাত্ৰ ৭ মিনিটত তেওঁৰ একাউণ্টৰ পৰা ৭ লাখ টকা লুটি লৈ গ'ল । যুৱকজনে লগে লগে গম পাইছিল যে তেওঁ চাইবাৰ অপৰাধীৰ জালত পৰিছে । তাৰ পাছতে বৃহস্পতিবাৰে যুৱকজনে চাইবাৰ অপৰাধ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

জানিব পৰা মতে বৃন্দাবন যোজনাৰ বাসিন্দা বিপিন কুমাৰ আগৰৱালাই বন্ধৰ সময়ত হিমাচল প্ৰদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল । টেক্সিখন বাতিল কৰাৰ পাছত যুৱকজনৰ ধন হোপ টু ডেস্ক এপত ঘূৰাই দিয়া হৈছে বুলি কোৱা হৈছিল । সেই এপটো তেওঁক পৰীক্ষা কৰিবলৈও কোৱা হৈছিল ।

ভুক্তভোগী যুৱকজনৰ মতে তেওঁ ধন ওভতাই পাবলৈ হোপ টু ডেস্ক এপ্পটো ডাউনলোড আৰু ইনষ্টল কৰিছিল । কিন্তু এপ্লিকেচনটো ইনষ্টল কৰাৰ লগে লগে তেওঁৰ ফোনটো হেক হৈ গৈছিল বুলি যুৱকজনে অভিযোগ কৰে । লগে লগে তেওঁৰ ফোনলৈ এটাৰ পাছত এটা মেছেজ আহিবলৈ ধৰিলে । প্ৰায় ৭ মিনিটৰ ভিতৰত তেওঁৰ একাউণ্টৰ পৰা ৭ লাখ টকা উলিয়ালে প্ৰৱঞ্চকে ।

ভুক্তভোগী যুৱকজনে অভিযোগ কৰা মতে মেক মাই ট্ৰিপ এপৰ আশ্ৰয় লৈ চাইবাৰ অপৰাধীয়ে তেওঁক প্ৰতাৰিত কৰিছে । লক্ষ্ণৌৰ চাইবাৰ অপৰাধ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুছলিম খানে জনোৱা মতে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে । ইফালে কোনো অজ্ঞাত ব্যক্তিৰ নিৰ্দেশত কোনো এপ্লিকেচন ডাউনলোড কৰিব নালাগে বুলিও তেওঁ ৰাইজক সতৰ্ক কৰি দিয়ে ।

লগতে পঢ়ক :Retired Army Jawan opened fire in train : চলন্ত ৰে'লত প্ৰাক্তন সেনা জোৱানৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.