ETV Bharat / bharat

Retired Army Jawan opened fire in train : চলন্ত ৰে'লত প্ৰাক্তন সেনা জোৱানৰ গুলীচালনা

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 12:27 PM IST

Retired Army Jawan opened fire in train
চলন্ত ৰে'লত প্ৰাক্তন সেনা জোৱানৰ গুলীচালনা

পাঞ্জাৱৰ বাসিন্দা অৱসৰপ্ৰাপ্ত সেনা জোৱানে শিয়ালদহ-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছত গুলীচালনা কৰে । সুৰাপায়ী অৱস্থাত থকা অৱসৰপ্ৰাপ্ত সেনা জোৱানজনৰ হাতত আছিল আন এখন ৰে'লৰ টিকট । কোডাৰ্মা জিআৰপিয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

চলন্ত ৰে'লত প্ৰাক্তন সেনা জোৱানৰ গুলীচালনা

নেশ্যনেল ডেস্ক,১৩ অক্টোবৰ : শিয়ালদহ-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছত চাঞ্চল্যকৰ ঘটনা । এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানে ৰে'লৰ ভিতৰত গুলীচালনা কৰে । সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই । কোডাৰ্মা চৰকাৰী ৰে'ল আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত প্ৰাক্তন সেনা জোৱানজনক । জোৱানজন নিচাগ্ৰস্ত অৱস্থাত আছিল আৰু বেলেগ ৰে'লত প্ৰৱেশ কৰিছিল বুলি অভিযোগ উঠিছে ।

জানিব পৰা মতে অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীয়ে শিয়ালদহ-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ ডবা নম্বৰ বি-৮ত তেওঁৰ অনুজ্ঞাপ্ৰাপ্ত পিষ্টলেৰে গুলীচালনা কৰে । লগে লগে ৰে'লখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । অভিযোগ ভিত্তিত অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীক কোডাৰ্মা জিআৰপিয়ে আটক কৰে আৰু চিকিৎসা পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয়লৈ লৈ যায় । অৱসৰপ্ৰাপ্ত সেনা জোৱানজন হৰপিন্দৰ সিং বুলি জানিব পৰা গৈছে । জিআৰপিয়ে জনোৱা মতে অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীয়ে তৃতীয় এচিৰ ডবাৰ বাথৰুমৰ সমীপত গুলীচালনা কৰে ।

১২৩০১ নম্বৰৰ হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰে'লৰ টিকট থকা হৰপিন্দৰ সিঙে ধানবাদ ষ্টেচনৰ পৰা নিচাগ্ৰস্ত অৱস্থাত অন্য এখন ৰে'ল অৰ্থাৎ শিয়ালদহ ৰাজধানী এক্সপ্ৰেছত উঠিছিল । ৰে'লখনত উঠাৰ কেইমিনিটমানৰ ভিতৰতে অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীৰ সৈতে টিটিইৰ তৰ্ক হয় আৰু তেওঁৰ অনুজ্ঞাপ্ৰাপ্ত পিষ্টলেৰে গুলীচালনা কৰে ।

সূত্ৰৰ মতে অনুজ্ঞাপত্ৰ থকা তেওঁ পিষ্টলটোত ৬ টা গুলী ভৰোৱা আছিল । তাৰ ভিতৰত তেওঁ এটা ৰাউণ্ড গুলী চালনা কৰে । কোডাৰ্মা আৰপিএফ আৰু জিআৰপিয়ে অৱসৰপ্ৰাপ্ত সেনা জোৱানজনক জেৰা কৰি আছে । অভিযুক্ত গুৰদাসপুৰৰ বাসিন্দা হৰপিন্দৰ সিঙে ২০১৯ চনত শিখ ৰেজিমেণ্টৰ পৰা হাবিলদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল । বৰ্তমান তেওঁ ধানবাদৰ এটা কলিয়াৰীত সুৰক্ষা কোম্পানীত কাম কৰিছিল ।

লগতে পঢ়ক :Firing incident in Khanapara: খানাপাৰাত গুলীচালনা, দুৰ্বৃত্তৰ গুলীত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.