Firing incident in Khanapara: খানাপাৰাত গুলীচালনা, দুৰ্বৃত্তৰ গুলীত নিহত এজন

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 9:58 PM IST

thumbnail

গুৱাহাটী,১২ অক্টোবৰ: মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । খানাপাৰাৰ হেল্থ চিটি হাস্পতালৰ সন্মুখৰ কইনাধৰাত গুলীচালনাৰ ঘটনা । অঞ্জন নাথ নামৰ যুৱক এজনক গুলীয়াই পলায়ন কৰে দুৰ্বৃত্তই । বুকুত গুলীবিদ্ধ যুৱকজনৰ কিছু সময়ৰ পিছতে মৃত্যু ঘটে । মৃত অঞ্জন নাথৰ ঘৰ বশিষ্ঠ লতাকটাত । যুৱকজন বশিষ্ঠ চাৰিআলিৰ ওজা জে চি বি ত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ।  

সংকটজনক অৱস্থাত গুৱাহাটী মেট্ৰ' হাস্পতালত গুলীবিদ্ধ যুৱকজনক ভৰ্তি কৰোৱা হয় যদিও মৃত্য হয় যুৱকজনৰ । স্কুটীত অহা দুৰ্বৃত্তই  অঞ্জন নাথক গুলীয়াই থৈ যায় বুলি সদৰী কৰিছে প্ৰত্যক্ষদৰ্শীয়ে । ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী আয়ুক্ত দিগন্ত বৰা । পৰৱৰ্তী সময়ত প্ৰত্যক্ষদৰ্শীয়ে দুৰ্বৃত্তই ইয়ামাহা বাইক আহি উক্ত ঘটনা সংঘটিত কৰা বুলি অভিহিত কৰে । কি কাৰণত এই ঘটনা সংঘটিত হ'ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ।  

লগতে পঢ়ক: Police Officer Arrest in Diphu : উৎকোচ লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত ডকমকা থানাৰ অ’চি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.