Police Officer Arrest in Diphu : উৎকোচ লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত ডকমকা থানাৰ অ’চি

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:34 PM IST

thumbnail

ডিফু, ১২ অক্টোবৰ : চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি অবৈধ প্ৰক্ৰিয়াৰে কোৰোণাৰে ধন চপোৱা একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান ৷ বৃহস্পতিবাৰেও চাৰি হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হʼবলগীয়া হʼল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সনৎ কুমাৰ মুদৈ । ডকমকা থানা এলেকাৰে যাতায়াত কৰা ৰড-চিমেন্ট কঢ়িওৱা এখন ট্ৰাকৰ পৰা ৪০,০০০ টকাৰ উৎকোচ দাবী কৰে আৰক্ষী বিষয়াগৰাকীয়ে । উক্ত ধন প্ৰদানত অনিচ্ছুক ব্যৱসায়ীগৰাকীয়ে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে । আৰক্ষী বিষয়া মুদৈয়ে দাবী কৰা ধনৰ চাৰি হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ লোকে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে আৰক্ষী বিষয়াগৰাকীৰ থানা চৌহদত থকা চৰকাৰী আৱাসত তালাচী চলাই নগদ ১৭,৭৪,৫০০ টকা জব্দ কৰিবলৈ সক্ষম হয় । তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি দুৰ্নীতি নিবাৰক শাখাৰ থানাত ৮২/২০২৩ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.