CM Vigilance raid: দুহেজাৰ টকাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিযয়া

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 4:39 PM IST

thumbnail

লখিমপুৰ, ৪ অক্টোবৰ : লখিমপুৰত এইবাৰ হাত দাঙিলে আৰক্ষী বিষয়াই ৷ দুদিনৰ পূৰ্বে উৎকোচ লৈ এজন লাট মণ্ডল গ্ৰেপ্তাৰ হোৱাৰ পাছতেই লখিমপুৰত বুধবাৰে উৎকোচ লৈ পুনৰ হাত দাঙিলে এজন আৰক্ষী বিষয়াই ৷ গোচৰীয়াৰ পৰা দুহেজাৰ টকা উৎকোচ লওঁতেই মুখ্যমন্ত্রীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে আৰক্ষী বিষয়াজন ৷

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল লখিমপুৰ নগৰৰ সমীপৰ পানীগাঁও আৰক্ষী থানাৰ সহ ভাৰপ্ৰাপ্ত বিষয়া মেৰাফত আলি ৷ এজন গোচৰীয়াৰ পৰা দুহেজাৰ টকাৰ উৎকোচ লওঁতেই মুখ্যমন্ত্রীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে আৰক্ষী বিষয়াজন ৷ বুধবাৰে দুপৰীয়া উৎকোচ লোৱাৰ সময়ত, থানাৰ ভিতৰতে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাতে-লোটে ধৰা পেলায় আৰক্ষী বিষয়াজনক ৷ সম্প্রতি পানীগাঁও আৰক্ষী থানাৰ ভিতৰতে দুৰ্নীতি নিবাৰক শাখাৰ দলে আটকাধীন বিষয়াজনক জেৰা কৰি আছে বুলি জানিব পৰা গৈছে ৷  

উল্লেখ্য যে, দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰখনে যিমানেই কঠোৰ পদক্ষেপ নলওক কিয়, দুৰ্নীতিৰ গতি যে থমকি ৰোৱা নাই সেয়া নিতৌ ৰাজ্যত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে হাত দাঙি থাকিব লগীয়া হোৱাটোৱে প্ৰমাণ কৰিছে ৷ প্ৰায় প্ৰতিদিনেই উৎকোচ লোৱাৰ অপৰাধত হাত দাঙিছে দুৰ্নীতিগ্ৰস্ত বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে ৷ 

লগতে পঢ়ক : SI Junmoni Rabha death case update:জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে দুৰ্ঘটনাস্থলীত পুনৰ উপস্থিত CBI ৰ দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.