SI Junmoni Rabha death case update:জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে দুৰ্ঘটনাস্থলীত পুনৰ উপস্থিত CBI ৰ দল

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 2:09 PM IST

thumbnail

কলিয়াবৰ, 4 অক্টোবৰ : অসম জোঁকাৰি যোৱা এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ কথা আজিও সকলোৰে মুখে মুখে ৷ উজ্জ্বল প্ৰতিভা এটা অকালতে নুমাই গ’ল ৷ সমগ্ৰ অসম ৰৈ আছে এই ৰহস্যজনক মৃত্যুৰ প্ৰকৃত সত্য জানিবলৈ তথা জোনমণিৰ ন্যায়ৰ আশাত ৷

চলিত বৰ্ষৰ বিগত ১৫ মে’ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰিছিল SI জোনমণি ৰাভা ৷ মৃতদেহ উদ্ধাৰৰ পিচত পিছে এইয়া পৰিকল্পিতভাৱে হত্যাকাণ্ড বুলি পৰিয়ালে দাবী তুলিছিল । বিভিন্ন দল-সংগঠনৰ লগতে অসমৰ জনতায়ো ইয়াক হত্যাকাণ্ড হিচাপেই গণ্য কৰিছিল ৷ দুৰ্ঘটনাৰ তদন্ত তীব্ৰ গতিত চলিছিল আৰু অৱশেষত চি বি আইক এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ ইতিমধ্যে তীব্ৰ গতিত CBI য়ে চলাইছে তদন্ত । 

বুধবাৰে পুনৰ কলিয়াবৰত উপস্থিত হৈছে CBI ৰ দল ৷ ১৫ মে’ৰ নিশা এখন কন্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল জোনমণি ৰাভাৰ এছপ্ৰেছ’ বাহনখন । তদন্তকাৰী  CBI ৰ দলটোৱে পুনৰ তেনে এখন কন্টেইনাৰ আনি দুৰ্ঘটনা সংঘটিত হোৱা স্থানত অনুৰূপ ঘটনা সংঘটিত কৰাৰ প্ৰস্তুতি চলাই আছে বুলি জানিব পৰা গৈছে । কন্টেইনাৰখন কিমান গতিত অহাৰ ফলত সেই দুৰ্ঘটনা সংঘটিত হৈছিল তাকে লৈ এই জল্পনা-কল্পনা বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : SI Junmoni Rabha death case update: দুৰ্ঘটনাতেই SI জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ কথা প্ৰায় নিশ্চিত কৰিছে CBI য়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.