জাঁজীত মটৰ চাইকেল-বাছৰ মুখামুখি সংঘৰ্ষত নিহত যুৱক - Accident In Gaurisagar

By ETV Bharat Assamese Team

Published : May 8, 2024, 5:07 PM IST

thumbnail
জাঁজীত দুৰ্ঘটনা (ETV BHARAT ASSAM)

আমগুৰি, ৮ মে’: শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ জাঁজীত আজি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । মটৰ চাইকেল-ষ্টাৰ বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন যুৱক । থিতাতে নিহত যুৱকজন তামুলীছিগাৰ বাস্তৱ গগৈ । জাঁজী নন্দনবনৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ।

প্ৰত্যক্ষদৰ্শীয়ে এই ঘটনাটো সন্দৰ্ভত কয় যে AS-04-Z-4897 নম্বৰৰ মটৰ চাইকেলত অহা যুৱকজনে AS-05-C-5999 নম্বৰৰ কনকজ্যোতি নামৰ ষ্টাৰ বাছখনত খুন্দিওৱাত এই দুৰ্ঘটনাটো সংঘটিত হয় । বাছখনে যুৱকজনক বচাবলৈ চেষ্টা কৰোতেই পথৰ কাষত থকা দ' পিতনিত সোমাই পৰে । অৱশ্য়ে ৪০ জন যাত্ৰী থকা ষ্টাৰ বাছখনৰ আটাইকেইগৰাকী যাত্ৰীয়ে সৌভাগ্যক্ৰমে ৰক্ষা পৰে । এই ঘটনাৰ পিছতে গৌৰীসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.