গেছ ভৰ্তি টেংকাৰ আৰু আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, নিহত এজন - horrific Road Accident

By ETV Bharat Assamese Team

Published : May 6, 2024, 11:05 AM IST

thumbnail
গেছ ভৰ্তি টেংকাৰ আৰু আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, নিহত এজন (ETV BHARAT ASSAM)

কলিয়াবৰ, 6 মে’ : নগাঁও জিলাৰ জখলাবন্ধা সৰুভগীয়াত দেওবাৰে নিশা প্ৰায় 12 বজাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন এল পি জি গেছ ভৰ্তি টেংকাৰ আৰু আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এজনৰ মৃত্যু হয় ৷ লগতে মহিলাসহ আন দুজন লোক গুৰুতৰভাৱে আহত হয় ৷ মৃত্যু হোৱা যুৱকজন যোৰহাটৰ অভিজিৎ শইকীয়া (27) বুলি জানিব পৰা গৈছে ৷ 

AS 03 AK 5253 নম্বৰৰ আৰ্টিগা বাহনখনে জখলাবন্ধা টাউন পাৰ হৈয়েই সৰুভগীয়াত বিপৰীত দিশৰ পৰা আহি থকা AS 25 CC 9324 নম্বৰৰ গেছ ভৰ্তি টেংকাৰত প্ৰচণ্ড জোৰত খুন্দা মাৰে । দুৰ্ঘটনাৰ ফলত টেংকাৰ আৰু সৰু বাহনখনৰ দুয়োজন চালক বহু সময় ধৰি আৱদ্ধ হৈ আছিল ৷ 

পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগত আৰক্ষী আৰু অগ্নি নিৰ্বাপন বাহিনীয়ে দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় । চিকিৎসালয়ত আৰ্টিগা বাহনখনৰ চালকজনক মৃত বুলি চিকিৎসকে ঘোষণা কৰে ।

লগতে পঢ়ক: কলগাছিয়াত বজ্ৰ পৰি মাতৃ-কন্যাৰ মৃত্যু - Thunderstorm

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.