বৰ গৰম ! কাজিৰঙাৰ জলাশয়ত জলকেলি বন্যহস্তীৰ - Amazing video of wild elephants

By ETV Bharat Assamese Team

Published : May 27, 2024, 5:36 PM IST

thumbnail
কাজিৰঙাৰ জলাশয়ত জলকেলি বন্যহস্তীৰ (ETV Bharat)

কাজিৰঙা, 27 মে’: যোৱা কেবাটাও দিনত উৎকট গৰমে জ্বলা-কলা খুৱালে ৰাজ্যবাসীক ৷ দেওবাৰে নিশা অহা ধুমুহা-বৰষুণৰ পিচত তাপমান কিছু হ্ৰাস পাইছে যদিও উত্তাপ বৰ বিশেষ কমা নাই ৷ দেওবাৰে তাপমাত্ৰা আছিল ৩৯ ডিগ্ৰী চেলছিয়াছ । এই তাপমাত্ৰাই দহিছিল কাজিৰঙাৰ জীৱকুলকো । যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়ত সাঁতুৰি-নাদুৰি, শীতল পানীত জোবোৰা মাৰি গৰমৰ পৰা পৰিত্ৰাণ বিচাৰিলে একাংশ বনজ জীৱই ৷ তাৰেই এক নান্দনিক মুহূৰ্ত কেমেৰাত বন্দী কৰিছে এজন পথচাৰীয়ে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়ত উৎকট গৰমৰ মাজতে জলকেলি কৰা দেখা গ’ল এজাক বন্যহস্তীক ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে গৈ থাকোঁতেই এজন পথচাৰীয়ে এই নান্দনিক দৃশ্য কেমেৰাত আৱদ্ধ কৰে ৷ এই দৃশ্যই আপ্লুত কৰিছে বিভিন্নজনক ৷ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.